ETV Bharat / state

আত্মসমপৰ্ণকাৰী আলফা(স্বা)ৰ সদস্যক সোণাৰি থানাত হাজিৰ

author img

By

Published : May 10, 2021, 5:51 PM IST

সশস্ত্ৰ সংগ্ৰাম এৰি মূলসূঁতিলৈ ঘূৰি আহিল আলফা(স্বা)ৰ সদস্য শোণিত চুতীয়া । শনিবাৰে নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তত থকা ২৮ নং অসম ৰাইফলছৰ শিবিৰত পত্নী-পুত্ৰসহ আত্মসমৰ্পণ কৰে শোণিত চুতীয়াই ।

আত্মসমপৰ্ণকাৰী আলফা(স্বা)ৰ সদস্যক সোণাৰি থানাত হাজিৰ
আত্মসমপৰ্ণকাৰী আলফা(স্বা)ৰ সদস্যক সোণাৰি থানাত হাজিৰ

মৰাণ,১০ মে': শনিবাৰে নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তত থকা ২৮ নং অসম ৰাইফলছৰ শিবিৰত আত্মসমৰ্পণ কৰা আলফা(স্বা)ৰ সদস্যক সোমবাৰে সোণাৰি আৰক্ষী থানাত হাজিৰ কৰোৱা হয় । পত্নী-পুত্ৰসহ আত্মসমৰ্পণ কৰিছিল আলফা(স্বা)ৰ সদস্য শোণিত চুতীয়াই ।

আত্মসমপৰ্ণকাৰী শোণিত চুতীয়া তিনিচুকীয়া জিলাৰ লাইপুলিৰ বাসিন্দা ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ চাৰ্জেণ্ট মেজৰ হিচাপে নিয়োজিত সদস্যগৰাকীয়ে পত্নী সংগীতা সোণোৱাল আৰু পুত্ৰ অক্লান্ত চুতীয়াসহ শনিবাৰে আত্মসমৰ্পণ কৰে । সন্তানৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেই আত্মসমৰ্পণ কৰা বুলি মন্তব্য কৰিছে আলফা সদস্যজনে ।

লগতে পঢ়ক: যোৰহাটত পুনৰ ক'ভিডত আক্ৰান্ত হৈ এগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.