ETV Bharat / state

সাৱধানঃ ডিব্ৰুগড়ত বিলাসী গাড়ীত ঘূৰিছে ছাগলী চোৰ

author img

By

Published : Sep 2, 2021, 10:19 PM IST

আপোনাৰ ঘৰত ছাগলী আছে নেকি? যদি আছে তেনেহলে সাৱধান হওক ৷ কাৰণ আপোনাৰ সন্মুখতে বিলাসী বাহনত টিঘিলঘিলাই থাকিব পাৰে ছাগলী চোৰ ৷ এতিয়া কায়দা সলনি হৈছে ছাগলী চোৰৰ ৷

two-goat-thief-with-luxury-car-arrested-in-dibrugarh
সাৱধানঃ ডিব্ৰুগড়ত বিলাসী গাড়ীত ঘূৰিছে ছাগলী চোৰ

ডিব্ৰুগড়,2 ছেপ্তেম্বৰ: গৰুৰ অবৈধ বেহা তথা চোৰাং সৰৱৰাহৰ বিৰুদ্ধে অসম আৰক্ষী অধিক কঠোৰ হৈ পৰাৰ পাছতে এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈছে ছাগলী চোৰৰ চক্ৰ ৷ পূৰ্বৰ গৰু চুৰি কাণ্ডৰ কায়দাৰেই এইবাৰ বিলাসী বাহনৰ সহায়ত ছাগলী চোৰ কৰিবলৈ লৈছে একাংশ ছাগলী চোৰৰ চক্ৰই ৷ মূলঃত উজনি অসমৰ কেইবাখনো জিলাত সক্ৰিয় হৈছে এই চক্ৰ ৷ ইয়াৰ মাজতে ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ অঞ্চলত চুৰি ছাগলী সহ আৰক্ষীৰ জালত পৰিল দুটা ছাগলী চোৰ ৷

সাৱধানঃ ডিব্ৰুগড়ত বিলাসী গাড়ীত ঘূৰিছে ছাগলী চোৰ

চোৰ দুটাৰ ছাগলী চুৰি কৰাৰ কায়দা দেখি আচৰিত হৈছে আৰক্ষীৰ লগতে সাধাৰণ জনতা ৷ বিলাসী বাহনত ভৰাই ছাগলী কেইটা চুৰি কৰিছিল চোৰ দুটাই ৷ উল্লেখ্য যে, ধৃত চোৰ বিতু আহমেদ আৰু গুদ্দু কৰ্মকাৰে AS-04 F 7240 নম্বৰত পঞ্জীয়ন হোৱা এখন Honda Getz ত বাহনত মুখত চেল' টেপ মাৰি 7 টাকৈ ছাগলী চুৰি কৰি আনিছিল ৷ কিন্তু ডিব্ৰুগড় আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰ পৰা পোৱা খবৰৰ ভিত্তিত অভিযান চলাই চুৰি ছাগলী কেইটা সহ আটক কৰে চোৰ দুটাক ৷

আৰক্ষীয়ে জনোৱা মতে, এই দুই চোৰ কেইদিনমান পূৰ্বেহে জেলৰ পৰা ওলাই আহিছিল ৷ পূৰ্বৰ পৰাই বিভিন্ন চুৰি কাৰ্যত জড়িত দুয়োটা চোৰ ৷ কিন্তু জেলৰ পৰা ওলায়েই পুনৰ অপৰাধজনিত কামত নামিছে এই দুটা চোৰে ৷ ইফাল চুৰি কাৰ্যত ব্যৱহাৰ হোৱা গাড়ীখনৰ স্বাত্বাধিকাৰীৰ নামো এই পৰ্যন্ত নিশ্চিত হোৱা নাই ৷

লগতে পঢ়কঃ যোৰাবাটত বুজন পৰিমানৰ হেৰ'ইন সহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.