ETV Bharat / state

টীয়কত দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Feb 17, 2021, 8:16 PM IST

টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন
টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন

টিংখাং চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত টীয়ক চাহ বাগিচাৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ সন্দৰ্ভত এটি দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত ।

টিংখাং, ১৭ ফেব্ৰুৱাৰী: টীয়ক চাহ বাগিচাত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ সন্দৰ্ভত দক্ষতা বিকাশৰ এক প্ৰশিক্ষণ সম্পন্ন । ডিব্ৰুগড় জিলাৰ টিংখাং চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত টীয়ক চাহ বাগিচাৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ সন্দৰ্ভত এটি দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । আদৰণী ভাষণ প্ৰদান কৰি চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে কয় 'অংগনবাড়ী কৰ্মীসকলে সমাজৰ উন্নতিৰ বাবে যথেষ্ট দায়িত্বসহকাৰে কাম কৰি আহিছে । সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় তথ্যবোৰ কৰ্মীসকলে যুগুত কৰি ৰাখিব লাগিব' ।

টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন
টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন

অভয়পুৰ প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰবী নেওগে উদ্দেশ্য বাখ্যা কৰা প্ৰশিক্ষণটিত উপস্থিত থাকি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে এই প্ৰশিক্ষণ শিবিৰত অংশ লৈ কয় 'অংগনবাড়ী কৰ্মীসকলৰ কাৰণে বৰ্তমান চৰকাৰে বহুতো নতুন নতুন পৰিকল্পনা গ্ৰহণ কৰিছে । চৰকাৰে গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃ তথা ০-৬ বছৰৰ শিশুসকলক পুষ্টিকৰ খাদ্যৰ যোগান ধৰি আহিছে' ।

টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন
টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন

পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই সমাজ কল্যাণ বিভাগে ৰূপায়ন কৰি অহা বিভিন্ন আঁচনি তথা চৰাইদেউ জিলাত সেইসমূহৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন দাঙি ধৰে । অভয়পুৰ প্ৰকল্পৰ পৰিসাংখ্যিক সহায়ক অমৰজিৎ তাচা আৰু সোণাৰি প্ৰকল্পৰ কনিষ্ঠ সহায়ক প্ৰসেনজিৎ সেন শৰ্মাই আঁচনিখনৰ গুৰুত্ব তথা ফৰ্ম পূৰণৰ পদ্ধতিসমূহৰ বিষয়ে কৰ্মীসকলক মূল প্ৰশিক্ষণ প্ৰদান কৰে ।

টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন
টীয়কত দক্ষতা বিকাশ প্ৰশিক্ষণ সম্পন্ন

উক্ত সভাত উপস্থিত থাকি মহকুমা স্বাস্থ্য বিষয়া ডাঃ নৃপেন বৰুৱা, স্বাস্থ্য বিভাগৰ মুখ্য সেৱিকা নিজৰা চুতীয়া আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া পৰিশা তাঁতীয়ে আঁচনিখনৰ সম্পৰ্কে নিজ নিজ মতামত আগবঢ়ায় । প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আচঁনিৰ চৰাইদেউ জিলাৰ প্ৰকল্প সহায়ক জয়ন্ত কুমাৰ গগৈয়ে আঁত ধৰা প্ৰশিক্ষণটিত অভয়পুৰ প্ৰকল্পৰ মুখ্য সেৱিকাবৃন্দ, পোষণ অভিযানৰ কৰ্মচাৰী, ডেৰশৰো অধিক অংগনবাড়ী কৰ্মী , আশা কৰ্মী আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:আজি উন্মোচিত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.