ETV Bharat / state

ৰাইজক নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান ডিব্ৰুগড় জিলা প্ৰশাসনৰ

author img

By

Published : Mar 26, 2021, 1:09 PM IST

শনিবাৰে অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ দিনটোত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে অসম আৰক্ষী ।

tingkhong-road-march-by-administration
ৰাইজক নিৰ্ভয়ে ভোটদান কৰিব আহ্বান ডিব্ৰুগড় জিলা প্ৰশাসনৰ

টিংখাং,26 মাৰ্চ : শনিবাৰে অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ দিনটোত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তথা সকলোৱে যাতে শান্তিপূৰ্ণভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে অসম আৰক্ষী । ভোটাৰ ৰাইজে যাতে ভয়-শংকা বিহীনভাৱে মুকলিকৈ ভোটকেন্দ্ৰলৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰবাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷

tingkhong-road-march-by-administration
ৰাইজক নিৰ্ভয়ে ভোটদান কৰিব আহ্বান ডিব্ৰুগড় জিলা প্ৰশাসনৰ

বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড় জিলা আৰক্ষীয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে টিংখাঙত এক বিশাল ৰোড মাৰ্চ বাহিৰ কৰে । ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰৰ নেতৃত্বত অহা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু বি এছ এফৰ বৃহৎ দলটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

তদুপৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ মুঠ ৭ টা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আশা কৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক: হোজাই ৰেল ষ্টেচনত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.