ETV Bharat / state

দুৰ্নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jan 25, 2021, 1:32 PM IST

কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে ’কা’ আইন বাতিল,এচ আই কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত, টিংখাঙৰ বামুনবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিয়ে সোমবাৰে ২৫ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে ৷ পুৱা 6 বজাৰ পৰা টিংখাঙৰ বামুনবাৰী তিনিআলিৰ মৰাণ নাহৰকটীয়া পথৰ কাষতে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

tingkhong-kmss-protest
দূনীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

টিংখাং, 25 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে দুনীতিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কি সদৌ অসম ছাত্ৰ সন্থা, কি কৃষক মুক্তি সংগ্ৰাম সমিতি,কি অন্যান্য অসমৰ দল সংগঠন সমূহ ৷ সোমবাৰে টিংখাং-টিংখাঙৰ বামুনবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিয়ে ৰাজ্যৰ দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ বহিল প্ৰতিবাদত ৷

দূনীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

বিগত এবছৰ ধৰি বিভিন্ন ভূৱা গোচৰত কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল,এচ আই কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত,টিংখাঙৰ বামুনবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিয়ে সোমবাৰে ২৫ ঘণ্টীয়া অন্নশন কাৰ্যসূচী গ্ৰহণ কৰে ৷ পুৱা 6 বজাৰ পৰা টিংখাঙৰ বামুনবাৰী তিনিআলিৰ মৰাণ নাহৰকটীয়া পথৰ কাষতে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিৰ প্ৰায় ২৫ জন নেতাই অংশগ্ৰহণ কৰে ৷

এছ আই কেলেংকাৰীত নাম সাঙোৰ খাইছিল টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰাৰ ৷ টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীক তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱাৰ এগৰাকী প্ৰভাৱশালী নেতা কাৰাৰুদ্ধ দ্বীপন জ্যোতি ফুকনক অতি শীঘ্ৰেই মুক্তিৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিয়ে ৷

লগতে পঢ়ক : ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.