ETV Bharat / state

BJP Joining program: ৫০০ৰো অধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান

author img

By

Published : Jul 25, 2022, 1:29 PM IST

ডিব্ৰুগড়ৰ চাউলখোৱাত ৫০০ৰো অধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান(Thousands of Muslim people joined BJP) ৷ বিধায়ক বিনোদ হাজৰিকাৰ নেতৃত্বত ঘৰবন্দীচুকত গেৰুৱা বসন পিন্ধিলে শতাধিক সংখ্যালঘু লোকে ৷ সংখ্যালঘু লোক বিজেপিত উন্নয়ণৰ অংশীদাৰ হোৱা বুলি মন্তব্য বিধায়ক বিনোদ হাজৰিকাৰ ৷

thousands-of-muslim-people-joined-in-bjp-at-lahowal
৫০০ৰো অধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান

মৰাণ, 25 জুলাই : দেওবাৰে ডিব্ৰুগড়ৰ চাউলখোৱাত গেৰুৱা বসন পিন্ধিলে শতাধিক সংখ্যালঘু লোকে ৷ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত ডিব্ৰুগড়ৰ চাউলখোৱা ঘৰবন্দী চুকত ৫ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । খনিকৰ মণ্ডল বিজেপিৰ উপ-সভানেত্ৰী জেফ্ৰীন আহমেদৰ নেতৃত্বত ঘৰবন্দীচুকত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান কাৰ্যসূচীত সংখ্যালঘু সমাজৰ প্ৰায় পাঁচ শতাধিক লোকে যোগদান কৰে(Thousands of Muslim people joined BJP) ।

এই অনুষ্ঠানত বিধায়ক হাজৰিকাই কয় যে, সংখ্যালঘু সমাজে বিজেপিক ভোট নিদিয়ে বুলি চলি থকা অপপ্ৰচাৰ ওফৰাই চাউলখোৱা অঞ্চলৰ পাঁচ শতাধিক লোকে বিজেপিত যোগদান কৰি উন্নয়নৰ অংশীদাৰ হৈছে(BJP Joining program) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সাধাৰণ মানুহৰ বাবে কাম কৰিছে । সকলো শ্ৰেণীৰ মানুহক সামৰি এখন সুস্থ সৱল সমাজ গঠনত গুৰুত্ব প্ৰদান কৰি আহিছে চৰকাৰে ।

৫০০ৰো অধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান

দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰি ঐতিহাসিক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে চৰকাৰে । উল্লেখযোগ্য যে, সংখ্যালঘু অধ্যুষিত চাউলখোৱা অঞ্চলত বিজেপিয়ে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি নিজৰ সাংগঠনিক ভেঁটি সৱল কৰি তুলিবলৈ সক্ষম হৈছে । একালত কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিচিত এই অঞ্চলত এতিয়া বিজেপিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ডিব্ৰুগড় জিলা পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলী সোণোৱাল, ডিব্ৰুগড় জিলা বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতী, জিলা বিজেপিৰ কোষাধ্যক্ষ ৰবীন্দ্ৰ গগৈ, খনিকৰ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ সোণোৱাল, চাহ জনগোষ্ঠীৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ সুশীল তাছা, ডিব্ৰুগড় পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ দিব্যজ্যোতি হাজৰিকা, ডিব্ৰুগড় জিলা বিজেপি যুৱ মৰ্চাৰ সামাজিক মাধ্যমৰ আহ্বায়ক শ্যামকানু মহন্ত, ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যনিবাহক সদস্য ৰাহুল দেৱ সোণোৱাল, ডিব্ৰুগড় জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চাজিৱ হক আদিকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উক্ত সভাখনত উপস্থিত থাকে(Joining program of BJP at Lahowal) ।

লগতে পঢ়ক : AAP Joining program: সৰভোগত আম আদমী পাৰ্টীৰ যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.