ETV Bharat / state

জনজাতিকৰণৰ বাবে সংসদৰ শীতকালীন অধিৱেশনক সময় সীমা বান্ধি দিলে টাইপাই

author img

By

Published : Dec 15, 2020, 9:48 PM IST

The Winter assembly of Parliament was set by the time limit by TAYPA
জনজাতিকৰণৰ বাবে সংসদৰ শীতকালীন অধিৱেশনক সময় সীমা বান্ধি দিলে টাইপাই

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান নকৰিলে ৰেলপথ আৰু বিমানবন্দৰ অৱৰোধ কৰাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদ অসমৰ ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্রতিশ্রুতি প্রদান কৰা ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক লৈ তীব্ৰ ক্ষোভ উজাৰে সংগঠনটোৱে ৷

ডিব্ৰুগড়, 15 ডিচেম্বৰ: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা চৰকাৰে ভৈয়ামৰ অনুসুচিত জনজাতিক মর্যাদা প্রদান নকৰিলে ৰেলপথ আৰু বিমানবন্দৰ অৱৰোধ কৰাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদ অসম, কেন্দ্ৰীয় পৰিষদৰ ৷ ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত জনগোষ্ঠীয় সংগঠনটোৱে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

জনজাতিকৰণৰ বাবে সংসদৰ শীতকালীন অধিৱেশনক সময় সীমা বান্ধি দিলে টাইপাই

জনজাতিকৰণৰ সন্দৰ্ভত বিজেপি নেতৃত্বাধীন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক লৈ তীব্ৰ ক্ষোভ উজাৰে সংগঠনটোৱে ৷ বিগত দুটাকৈ বিধান সভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্রতিশ্রুতি প্রদান কৰিছিল চৰকাৰখনে ৷ কিন্তু শাসনলৈ অহাৰ পাছত বিজেপি চৰকাৰে নিজৰ প্রতিশ্রুতি ৰক্ষা নকৰি ছয় জনগোষ্ঠীক চৰম প্রতাৰণা কৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতা কৰ্মীয়ে ৷

ইফালে, চলিত বৰ্ষৰ ২৫,২৬ আৰু ২৭ ডিচেম্বৰত সংগঠনটোৰ কেন্দ্রীয় অধিবেশন অনুষ্ঠিত কৰাৰ বাবে একাংশই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি এই কাৰ্য অবৈধ বুলি সংবাদ মেল যোগে সদৰি কৰে ৷ টাইপাৰ কেন্দ্রীয় কার্যনির্বাহকৰ অনুমতি অবিহনে আৰু কেন্দ্রীয় সমিতিৰ সম্পূর্ণ অজ্ঞাতে টাইপাৰ পৰা বহিষ্কৃত একাংশই এই কাৰ্যৰ লগত জৰিত বুলি মন্তব্য কৰে ৷ এই সংবাদ মেলত সভাপতি দিলীপ গগৈ, কার্যকৰী সভাপতি ভৃগু হাতীমুৰীয়া, যুটীয়া সম্পাদক দিগন্ত তামুলী আৰু দ্বীপজ্যোতি দুৱৰা উপস্থিত থাকে।

লগতে পঢ়ক:প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.