ETV Bharat / state

সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰূপালী জয়ন্তী গৰকা ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ

author img

By

Published : Jun 25, 2020, 6:53 PM IST

salt brook academy successfully completed silver jubilee
salt brook academy successfully completed silver jubilee

ৰূপালী জয়ন্তী গৰকা ডিব্ৰুগড়স্থিত ছল্ট ব্ৰুক একাডেমীৰ সাফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ জিলাখনৰ লগতে, শিক্ষানুষ্ঠান খনৰ স্বত্বাধিকাৰী অশ্বিনী দুৱৰা ৷

ডিব্ৰুগড়, 25 জুনঃ সাফল্যৰ 25টা বছৰ গৰকিলে ডিব্ৰুগড়স্থিত ছল্ট ব্ৰুক একাডেমীয়ে ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলতো এই শিক্ষনুষ্ঠানখনলৈ তিনিওটা শাখাতে স্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিছে 5 গৰাকীকৈ শিক্ষাৰ্থীয়ে ৷ এই সাফল্যাই গৌৰৱ কঢ়িয়াই শিক্ষানুষ্ঠান খনৰ লগতে সমগ্ৰ জিলাখনলৈ ৷ 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰা কৃষ্ণা মহেশ্বৰী নামৰ শিক্ষাৰ্থী গৰাকীৰ সাফলতাত উৎফুল্লিত হৈ পৰিছে শিক্ষানুষ্ঠান খনৰ স্বত্বাধিকাৰী অশ্বিনী দুৱৰা ৷

সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰূপালী জয়ন্তী গৰকা ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ

লগতে আন কেইগৰাকী স্থান দখল কৰা শিক্ষাৰ্থীক লৈয়ো সংবাদ মাধ্যমৰ আগত গৌৰৱ প্ৰকাশ কৰে স্বত্বাধিকাৰী গৰাকীয়ে ৷ আগন্তুক প্ৰৱেশ পৰীক্ষা সমূহতো শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে সাফল্য অৰ্জন কৰিব বুলিও আশাবাদী স্বত্বাধিকাৰী অশ্বিনী দুৱৰা ৷ আনহাতে সকলো পৰ্যায়ৰে শিক্ষাৰ্থীৰ ক্ষেত্ৰত সমানে বিকাশ অনাৰ বাবে কৰা প্ৰচেষ্টাই শিক্ষানুষ্ঠানখনক বৰ্তাই ৰাখিছে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়কঃ কলাত সপ্তম স্থান লাভ অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰিণীতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.