ETV Bharat / state

Erosion of Brahmaputra: ব্ৰহ্মপুত্ৰৰ কালমূৰ্তি ! খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 7:50 PM IST

ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ ৷ খহনীয়াৰ প্ৰতিৰোধৰ দাবীত মোহনাঘাটত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Erosion Threatens Dibrugarh Town
খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

ডিব্ৰুগড়, 8 অক্টোবৰ : ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ ৷ খৰালী কালতো বৃষ্টিপাতৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ । ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে শংকিত হৈ পৰিছে নদীখনৰ পাৰত বাস কৰা লোকসকল ৷

ইয়াৰ সমান্তৰালভাৱে বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত সৃষ্টি হোৱা খহনীয়াত চকুৰ সন্মুখতে জাহ গ’ল বহু পৰিয়ালৰ ঘৰ, কৃষি ভূমি । মোহনাঘাটত ব্ৰহ্মপুত্ৰই যোৱা কেইবাদিনো ধৰি অব্যাহত থকা খহনীয়াত দুটা ঘৰ সম্পূৰ্ণ জাহ যোৱাৰ লগতে আন 70 টা পৰিয়ালক স্থানান্তৰিত কৰা হৈছে ।

ৰাইজে এই খহনীয়াৰ স্থায়ী সমাধান কৰাৰ দাবী জনাইছে যদিও জিলা প্ৰশাসন, জলসম্পদ বিভাগ আৰু ডিব্ৰুগড়ৰ বিধায়কজনে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । সেয়ে মোহনাঘাটত অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিধায়ক প্ৰশান্ত ফুকনে গৰাখহনীয়া পৰিদৰ্শন কৰি কেৱল তুলুঙা মন্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে । সেয়ে চৰকাৰক বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

উল্লেখযোগ্য যে মোহনাঘাটৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰি কেৱল কিছু জিঅ' বেগ দি গৰাখহনীয়া ৰোধৰ চেষ্টা কৰিছে জলসম্পদ বিভাগে । খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডিব্ৰুগড় চহৰৰ মূল প্ৰতিৰক্ষা বান্ধ খহনীয়াত নিচিহ্ন হোৱাটো নিশ্চিত হৈছে । সেয়ে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ৰ মোহনাঘাটৰ ৰাইজে আহ্বান জনালে চৰকাৰক ।

লগতে পঢ়ক:Bimal Bora VS Lurinjyoti Gogoi : টিংখাঙত এক অসম যাত্ৰা বিফল কৰিবলৈ মন্ত্ৰী বিমল বড়াৰ অমৃত কলহ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.