ETV Bharat / state

খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল হ’ল ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়

author img

By

Published : Sep 21, 2022, 10:05 PM IST

Erosion at Dibrugarh
খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল উপায়ুক্ত কাৰ্যালয়

বৃহত্তৰ মাইজান অঞ্চল ভয়াৱহ গৰাখহনীয়াৰ কৱলত(Erosion at Dibrugarh)। খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ ক্ষুব্ধ ৰাইজৰ অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলেজংগী আন্দোলনৰ হুংকাৰ ।

মৰাণ, ২১ছেপ্টেম্বৰ: খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷

নিজৰ মাটি-ভেঁটি ৰক্ষাৰ স্বাৰ্থত বৃহত্তৰ মাইজান অঞ্চলৰ শ শ লোকে অংশ ল'লে প্ৰতিবাদত(Public protest at Dibrugarh DC office)। ডিব্ৰুগড় জিলাৰ ফুলবাগানৰ পৰা বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে কঁপালে কাৰ্যালয় চৌহদ ।

খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল উপায়ুক্ত কাৰ্যালয়

উল্লেখ্য যে বৃহত্তৰ মাইজান অঞ্চল বৰ্তমান ভয়াৱহ গৰাখহনীয়াৰ কৱলত পৰিছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে নগাঘূলী অঞ্চলত । বিগত কেইবা সপ্তাহ ধৰি হোৱা খহনীয়াত বৰলুইতৰ বুকুত ১, ২, ৩ আৰু ৫ নং ৱাৰ্ডৰ প্ৰায় এক কিলোমিটাৰ ভূমি ইতিমধ্যে নদীৰ বকুত জাহ গৈছে । বৰ্তমানেও নগাঘূলীৰ পৰা মথলাললৈকে প্ৰায় তিনি কিলোমিটাৰ অঞ্চলত বৰলুইতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।

আনহাতে, বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ডিব্ৰুগড় বিমান কোঠ আৰু ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়লৈ । এইক্ষেত্ৰত স্থানীয় লোকে বাৰম্বাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকা, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ লগতে বিভাগৰ বিষয়া সকলক আবেদন জনোৱৰ পাছতো কোনো ধৰণৰ সঁহাৰি নিদিয়া বুলি ক্ষোভ উজাৰে ৰাইজে । ক্ষুব্ধ ৰাইজে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.