ETV Bharat / state

Dilapidated road at Tingkhong : মন্ত্ৰী বিমল বড়াৰ টিংখাং সমষ্টিত উন্নয়ন বিচাৰি হাহাকাৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:23 PM IST

বিধ্বস্ত পথে জীয়াতু ভোগাইছে টিংখাংবাসীক ৷ বিধ্বস্ত পথ নিৰ্মাণ কৰি নিদিলে আগন্তুক নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ ৰাইজৰ ৷

Public Demand For Construction of Road
ভোট নিদিয়াৰ হুংকাৰ ৰাইজৰ

বিধ্বস্ত বাট-পথে জীয়াতু ভোগাইছে টিংখাংবাসীক

ডিব্ৰুগড়, 24 ছেপ্টেম্বৰ : ৰাজ্যৰ চৌদিশে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ অসমত উন্নয়নৰ নতুন জোৱাৰ অনা বুলি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়ক সকলে কৈ থকাৰ সময়তে মন্ত্ৰী বিমল বড়াৰ সমষ্টি টিংখাঙত উন্নয়ন বিচাৰি হাহাকাৰ ৰাইজৰ ৷ বিধ্বস্ত বাট- পথে জীয়াতু ভোগাইছে টিংখাংবাসীক ৷

ভাৰত চৰকাৰৰ অমৃত কালৰ সময়তো সুচল যাতায়ত ব্যৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে টিংখাঙৰ কেঁকুৰি পঞ্চায়তৰ অন্তৰ্গত দলপা গাঁৱৰ ৰাইজে ৷ দলপা জাতীয় বিদ্যালয়ৰ পৰা নলনি প্ৰাথমিক বিদ্যালয়লৈকে প্ৰায় ৫ কিঃমিঃ দৈৰ্ঘৰ এই পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ জৰাজীৰ্ণ পথটোৰ এই অৱস্থাৰ বাবেই চাৰিচকীয়া গাড়ী নাইবা এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে ৰোগী আৰু প্ৰসূতি সকলে দুৰ্ভোগ ভোগ কৰি আহিবলগীয়া হৈছে ৷ ফলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

আনহাতে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্রতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল ৷ ইফালে বিধ্বস্ত পথটোৰ বাবেই গাঁওখনৰ কৃষক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলো যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ পথটো নিৰ্মাণৰ বাবে গাঁওবাসীয়ে বহুবাৰ আবেদন- নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই ৷ যাৰ বাবে পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি অঞ্চলবাসীয়ে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াক দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

ক্ষোভিত ৰাইজৰ দাবী- আমাক ৰাস্তা দিয়ক নহ’লে আগন্তুক নিৰ্বাচনত বিজেপিক ভোট নিদিওঁ ৷ ৰাইজৰ এই হুংকাৰৰ পাছত মন্ত্ৰী বিমল বড়াই ৰাইজৰ সমস্যা সমাধানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : 575th Birth anniversary of Sankardev: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.