ETV Bharat / state

Erosion in Dibrugarh : খহনীয়াগ্ৰস্তৰ কাষত নাই বিধায়ক বিনোদ হাজৰিকা

author img

By

Published : Oct 14, 2022, 12:58 PM IST

খহনীয়াগ্ৰস্ত ৰাইজৰ কাষত নাই বিধায়ক বিনোদ হাজৰিকা (Lahowal MLA Binod Hazarika) । দিনে দিনে বিধায়ক হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে খহনীয়াগ্ৰস্ত ৰাইজৰ ।

Dibrugarh
Dibrugarh

ডিব্ৰুগড়, ১৪ অক্টোবৰ : লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা নিৰুদ্দেশ (Lahowal MLA Binod Hazarika) ! যোগাযোগো বিচ্ছিন্ন হৈ আছে বিধায়কজন । ৰাইজৰ প্ৰতিটো সুখ-দুখত ৰাইজৰ সৈতে থকাৰ প্ৰতিশ্ৰুতি দি দিছপুৰলৈ নিৰ্বাচিত হোৱা বিধায়ক হাজৰিকাক বিচাৰি হাহাকাৰ কৰি ফুৰিছে সমষ্টিবাসীয়ে । ক'ত, কেনেকৈ আছে তেওঁলোকৰ প্ৰতিনিধি তাৰ তথ্য নাই কাৰো হাতত ।

ফলত দিনে দিনে বিধায়ক হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে খহনীয়াগ্ৰস্ত ৰাইজৰ (people Anger against MLA Binod Hazarika) । চহৰখনৰ উপকণ্ঠ মাইজান আৰু নগাঘুলি কছাৰীলাইনত হৈ থকা ভয়াৱহ খহনীয়াই আতংকিত কৰি তুলিছে ডিব্ৰুগড়বাসীক (Erosion of Brahmaputra in Dibrugarh) । এসপ্তাহ ধৰি হৈ থকা ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহে দুখন বাগিচাৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক ।

খহনীয়াগ্ৰস্তৰ কাষত নাই বিধায়ক বিনোদ হাজৰিকা

অৱশ্যে জলসম্পদ বিভাগ আৰু প্ৰশাসনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত পূৰ্বতকৈ কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বৰলুইতৰ খহনীয়া । অন্যহাতে, হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰো । মেগা জিঅ'বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও এই ব্যৱস্থাৰ দ্বাৰা কিমান দিনলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ সম্ভৱ সেয়া সময়েহে ক'ব । কিন্তু মাইজান-নগাঘুলিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনাইছে অসম জাতীয় পৰিষদ (Assam Jatiya Parishad) আৰু অসম চাহ মজদুৰ সংঘই ।

ইফালে আগন্তুক পাঁচ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাক লৈ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ । অতদিনে অসমৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ইয়াৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

উল্লেখ্য, দুদিন পূৰ্বে ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰই ধাৰণ কৰে কালৰূপ । যাৰ ফলত মাইজানত ব্ৰহ্মপুত্ৰই খহায় ডিব্ৰুগড় চহৰৰ ৰক্ষা কৱচ মথাউৰি (Brahmaputra embankment erosion in Dibrugarh) । সম্পূৰ্ণৰূপে খহি যায় মথাউৰিটোৰ এটা অংশ । প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছে (Erosion in Dibrugarh) । ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হেক্টৰ কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু লোকৰ ঘৰ-বাৰী উচ্ছেদ হৈছে ৷ জলসম্পদ বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও ৰোধ কৰিব পৰা নাই খহনীয়া ।

লগতে পঢ়ক :Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.