ETV Bharat / state

দেশত এতিয়া গণতন্ত্ৰ চলা নাই, মোদীতন্ত্ৰ চলিছে !

author img

By

Published : Jan 7, 2020, 8:42 AM IST

Updated : Jan 7, 2020, 12:35 PM IST

সোমবাৰে মৰাণত CAA ৰ বিৰুদ্ধে 'জননতাৰ নিনাদ' শীৰ্ষক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা ৷ এই সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ৷ সৰুপথাৰতো CAA বাতিলৰ দাবীত উৰিয়ামঘাট আৰু ৰজাপুখুৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই এক জোঁৰ সমদল উলিয়াই ৷

CAA PROTEST
জনতাৰ নিনাদ

মৰাণ, সৰুপথাৰ 7 জানুৱাৰীঃ "দ্বিতীয় আৰু তৃতীয় পক্ষৰ দোহাই দি ছয়জনকৈ অসমীয়া ল'ৰাক হত্যা কৰিলে বিজেপি চৰকাৰে ৷ ৰাজনৈতিক দল সলাই-সলাই হিমন্ত এতিয়া বিষাক্ত হৈ পৰিছে ৷" সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে এই মন্তব্য কৰে ৷ সোমবাৰে মৰাণৰ নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত CAA বাতিলৰ দাবীত অনুষ্ঠিত এক ‘জনতাৰ নিনাদ’ শীৰ্ষক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে এইদৰে বিজেপি চৰকাৰখনক সমালোচনা কৰে ৷

মৰাণত 'জননতাৰ নিনাদ'

খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰণি শাখা ছাত্ৰ সন্থা, বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ লগতে নাহৰণি আৰু খোৱাংবাসীৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, বিজেপি চৰকাৰে গণতন্ত্ৰক সম্পূৰ্ণৰূপে হত্যা কৰিছে আৰু হিন্দু মুছলমানৰ মাজত ৰাজনৈতিক প্ৰতিযোগিতা আৰম্ভ কৰাইছে ৷ তেওঁ লগতে কয় কুৰুক্ষেত্ৰ ৰণ আৰু শৰাইঘাটৰ শেষ ৰণ এতিয়া তেওঁলোকে কৰিব । কোন কৌৰৱ, কোন পাণ্ডৱ ইতিমধ্যে তেওঁলোকে চিনাক্ত কৰিছে । কুৰুক্ষেত্ৰৰ এই ৰণত তেওঁলোকে পাণ্ডৱ হৈ যুজিবলৈ সাজু হৈছো । ইয়াৰোপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি আছু নেতাজনে কয় যে, সৰ্বানন্দ এতিয়া কুলাংগাৰ পুত্ৰই নহয়, তেওঁক এতিয়া অসমৰ ৰাইজে তাজ্য পুত্ৰ কৰিছে ৷ উল্লেখ্য যে, আছুৰ খোৱাং আঞ্চলিকৰ উপ সভাপতি অংকিত গগৈয়ে আঁ‌তধৰা এই প্ৰতিবাদী সভাত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোণোৱাল, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই ভাষণ প্ৰদান কৰি বহু বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মন্তব্য দাঙি ধৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক ক্ষুৰধাৰ সমালোচনা কৰে । প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা এই প্ৰতিবাদী সভাখনত যুৱতী সকলে CAA বিৰুদ্ধাচৰণ কৰি এটি দিহানামো পৰিবেশন কৰে ।

সৰুপথাৰত জোঁৰ সমদল

একেদৰে সৰুপথাৰৰ সীমান্তৰ উৰিয়ামঘাটতো CAAৰ বিৰোধিতা কৰি উৰিয়ামঘাট আৰু ৰজাপুখুৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই এক জোঁৰ সমদল বাহিৰ কৰে ৷ এই জোঁৰ সমদলৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিবলৈ লোৱা কাৰ্যক প্ৰতিবাদকাৰী সকলে তীব্ৰ ধিক্কাৰ প্ৰদান কৰে ৷ লগতে শীঘ্ৰে এই আইন খন বাতিলৰ দাবী কৰে সীমান্তৰ শ শ জনসাধাৰণে| মুঠতে উচ্চতম ন্যায়ালয়ৰ শুনানীৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত CAA বাতিলৰ প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ অহা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক - দেশ কঁপোৱা JNU কাণ্ডৰ প্ৰতিবাদ গুৱাহাটীতো

Intro:

প্ৰতিবেদক মৰাণ ৬ জানুৱাৰীঃ


‘গণতন্ত্ৰক সম্পূৰ্ণ ৰূপে হত্যা কৰিছে বিজেপি চৰকাৰখনে । দ্বিতীয় আৰু তৃতীয় পক্ষৰ দোহাই দি ছয়জনকৈ অসমীয়া ল'ৰাক হত্যা কৰিলে এইখন বিজেপি চৰকাৰে । ৰাজনৈতিক দল সলাই সলাই হিমন্ত এতিয়া বিষাক্ত হৈ পৰিছে । হিন্দু মুছলমানৰ মাজত ৰাজনৈতিক প্ৰতিযোগিতা আৰম্ভ কৰাইছে বিজেপিয়ে ’ আজি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰণি শাখা ছাত্ৰ সন্থা, বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন, নাহৰণি আৰু খোৱাং বাসীৰ ৰাইজৰ সহযোগত ‘কা’ বাতিলৰ দাবীত নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ‘জনতাৰ নিনাদ’ শীৰ্ষক এক প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপঃ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে । উদাত্ত ভাষণ প্ৰদান কৰি আছু নেতাজনে লগতে কয় ‘দেশত এতিয়া গণতন্ত্ৰ চলা নাই মোদীতন্ত্ৰ চলিছে । কুৰুক্ষেত্ৰ ৰণ আৰু শৰাইঘাটৰ শেষ ৰণ এতিয়া আমি কৰিম । কোন কৌৰৱ, কোন পাণ্ডৱ ইতিমধ্যে আমি চিনাক্ত কৰিছো । কুৰুক্ষেত্ৰৰ এই ৰণত আমি পাণ্ডৱ হৈ যুজিবলৈ সাজো হৈছো ।’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সমালোচনা কৰি আছু নেতাজনে লগতে কয় যে সৰ্বানন্দ এতিয়া কুলাঙ্গাৰ পুত্ৰই নহয়, তেওঁক এতিয়া অসমৰ ৰাইজে তাজ্য পুত্ৰ কৰিছে । আছুৰ খোৱাং আঞ্চলিকৰ উপ-সভাপতি অংকিত গগৈয়ে আঁ‌তধৰা এই প্ৰতিবাদী সভাত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধীন সোনোৱাল, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই ভাষণ প্ৰদান কৰি জাতিধ্বংসী আইন 'কা’ ৰ বিৰুদ্ধে মন্তব্য দাঙি ধৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ক্ষুৰধাৰ সমালোচনা কৰে । প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা এই প্ৰতিবাদী সভাখনত যুৱতী সকলে ‘কা’ বিৰুদ্ধাচৰণ কৰি এটি দিহানামো পৰিৱেশন কৰে ।

Byte- চিত্তৰঞ্জন বসুমতাৰী
Body:ঐConclusion:ঐ
Last Updated :Jan 7, 2020, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.