ETV Bharat / state

পথত বাঁহ বান্ধি বালি খনন ৰোধৰ প্ৰয়াস এখন গাঁৱৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:56 PM IST

Protest against illegal sand mining in Dibrugarh
পথত বাঁহ বান্ধি বালি খনন ৰোধৰ প্ৰয়াস এখন গাঁৱৰ ৰাইজৰ

Illegal sand mining in Dibrugarh: মুখ্যমন্ত্ৰীক চেলেঞ্জ দি ডিব্ৰুগড়ত বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰত চলিছে অবৈধ বালি খনন । বন বিভাগৰ লগত মিতিৰালি কৰি বালি মাফিয়াই লাখ লাখ টকা কৰ ফাঁকি দি চলাই গৈছে অবৈধ বালি খনন । অবৈধ বালি খননেৰে তীব্ৰ ভাবুকি নৈপৰীয়া ৰাইজলৈ । বালি মাফিয়াৰ উপদ্ৰৱত অতিষ্ঠ নদী কাষৰীয়া ৰাইজ ।

পথত বাঁহ বান্ধি বালি খনন ৰোধৰ প্ৰয়াস এখন গাঁৱৰ ৰাইজৰ

ডিব্ৰুগড়, ২৩ ডিচেম্বৰ: মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাই ডিব্ৰুগড়ৰ বগীবিল, ব্ৰহ্মপুত্ৰ আৰু খোৱাং, কলাখোৱাকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত চলিছে লাখ লাখ টকা কৰ ফাঁকিৰে অবৈধ বালি খনন । খোৱাঙৰ বুঢ়ীদিহিং নদীত বালি মাফিয়াৰ দৌৰাত্ম্যত অসহায় হৈ পৰিছে নদী কাষৰীয়া ৰাইজ । যিসময়ত ডিব্ৰুগড় জিলাখনৰ গৰাখহনীয়াই সংবাদ শিৰোনাম দখল কৰি আহিছে তেনে সময়তে বালি মাফিয়াই চলাই গৈছে অবৈধভাৱে বালি খননকাৰ্য ।

ডিব্ৰুগড়ৰ খোৱাং আঞ্চলিক বন সংমণ্ডল অন্তৰ্গত কলাখোৱাৰ বাঁহবাৰীত বুঢ়ীদিহিং নৈৰ পাৰত এতিয়া বালি মাফিয়াই চলাই গৈছে অবৈধভাৱে বালি আৰু পলসৰ খননকাৰ্য । কোনো ধৰণৰ নিবিদা নোহোৱাকৈ বালি মাফিয়া জনৈক মাখন ফুকন আৰু জনৈক সুনীল বৰুৱাই চলাই গৈছে অবৈধভাৱে খনন কাৰ্য । যাৰ ফলত চৰকাৰে হেৰুৱাবলগীয়া হৈছে লাখ লাখ টকাৰ ৰাজহ । কিন্তু এইক্ষেত্ৰত গভীৰ নিদ্ৰাত খোৱাং আঞ্চলিক বন সংমণ্ডলৰ বন বিষয়া অক্ষয় বুঢ়াগোহাঁই আৰু ডিব্ৰুগড়ৰ বন প্ৰতিৰক্ষা বাহিনীৰ বিষয়া ৰেঞ্জাৰ অজিত গগৈ ।

বন বিভাগক অভিযোগ দি ভাগৰি পৰা ৰাইজে বালি মাফিয়াৰা দৌৰাত্ম‍্য ৰোধ কৰিবলৈ গাঁওখনৰ ৰাইজে অতিষ্ঠ হৈ বাঁহ বান্ধি বন্ধ কৰিব লগা হৈছে পথ । কেৱল এয়াই নহয় ডিব্ৰুগড় জিলাখনত বুঢ়ীদিহিং নদীত যি ঠাইতে বালি খননৰ সুবিধা হৈছে তাতে খনন চলাইছে একাংশ বালি মাফিয়াই । আনহাতে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সংৰক্ষিত এলেকাত ব্ৰহ্মপুত্ৰত ব্যাপক পলস আৰু বালি খনন চলাৰো অভিযোগ উত্থাপন হৈছে ।

এই কাৰ্যই এতিয়া ৰাজ্যৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযুক্ত কৰা বগীবিল দলঙলৈ বিপদ মাতি অনাৰ শংকা প্ৰকাশ কৰিছে ৰাইজে । কেৱল দলঙেই নহয় এই ব্যাপক ৰূপত চলা পলস খননে বৃহত্তৰ বগীবিল অঞ্চলৰ প্ৰায় সাতখন গাঁৱলৈও ব্যাপক ভাবুকি কঢিয়াই অনাৰ সম্ভাৱনাই দেখা দিছে । ইফাল বাৰে বাৰে এই দিশত জিলা প্ৰশাসনক অৱগত কৰা পাছতো প্ৰশাসনে এই খনন নিয়ন্ত্ৰণ নকৰাৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।

ক্ষোভিত ৰাইজৰ দাবী যে কোনো কাৰণতে মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থানত কৰিব নোৱাৰিব খননকাৰ্য । কিন্তু ৰাইজৰ প্ৰতিবাদৰ পাছতো কিয় বন বিভাগ আৰু জিলা প্ৰশাসনে সকলো দেখিও নেদেখা হৈ আছে তাক লৈ প্ৰশ্ন উখাপন কৰিছে সচেতন ৰাইজে । এই অবৈধ বালি খনন বন্ধ কৰাত ডিব্ৰুগড়ত ৰাইজে মুখ্যমন্ত্ৰীৰ বিশেষ হস্তক্ষেপ দাবী কৰে ।

লগতে পঢ়ক: জলপথেৰে অভিনৱ কৌশলেৰে চোৰাং কাঠ সৰবৰাহ, জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.