ETV Bharat / state

Naharkatia Poor Condition Road : অসম-অৰুণাচল সংযোগী পথ মেৰামতি কৰিলে ছাত্ৰ সন্থাই

author img

By

Published : Oct 30, 2022, 8:39 PM IST

Naharkatia Poor Condition Road
নাহৰকটীয়াত অসম-অৰুণাচল সংযোগী পথ মেৰামতি কৰিলে ছাত্ৰ সন্থাই

নাহৰকটীয়াত অসম-অৰুণাচল সংযোগী পথ মেৰামতি কৰিবলৈ ওলাই আহিল নাহৰকটীয়া আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা ছাত্ৰ সন্থা ৷ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা অসম-অৰুণাচল সংযোগী মূল পথটো (Naharkatia Poor Condition Road)৷

ডিব্ৰুগড়, 30 অক্টোবৰ : জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ(Dihing Patkai National Park) মাজেদি যোৱা নাহৰকটীয়া সমষ্টিৰ জয়পুৰ-শুকানজুৰিৰ মূল পথটো সম্প্ৰতি যাতায়তৰ অনুপযোগী হৈ পৰিছে । দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰা আজি প্ৰায় ডেৰবছৰ অতিক্ৰম কৰিলে যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি যোৱা উক্ত পথটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে (Poor condition road at Naharkatia)৷

চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে আৰু স্থানীয় বিধায়কৰ অমনোযোগিতাৰ বাবে পথটোৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ পুখুৰী সৃষ্টি হোৱাত যাতায়তৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে । পথৰ এনে দুৰৱস্থাৰ বাবে প্ৰায়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা চোৰাং চিকাৰীয়ে মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে (Deforestation at Dihing Patkai National Park)। বিজেপিৰ একাংশৰ মাজত সততে উচ্চাৰিত নাহৰকটীয়া সমষ্টিৰ কৰ্মদক্ষ বিধায়ক তৰংগ গগৈয়ে এই পথটো মেৰামতিৰ বাবে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে সমষ্টিটোত বিশেষ কোনো উল্লেখযোগ্য কাম কৰি দেখুৱাবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

চৰকাৰলৈ বাট নাচাই উক্ত পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ(Dibrugarh AASU) আহ্বানত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ টিৰাপ জিলা ছাত্ৰ সন্থাৰ(All Tirap District Students Union) সহযোগত এক শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে পথটোত থকা বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁতবোৰ শিলেৰে পুতি যাতায়তৰ উপযোগী কৰি তোলা হয় ।

নাহৰকটীয়াত অসম-অৰুণাচল সংযোগী পথ মেৰামতি কৰিলে ছাত্ৰ সন্থাই

এই কাৰ্যসূচীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱনী গগৈ, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে ত্ৰিদীপ শইকীয়া আৰু নিপু ভূঞা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অসীম ফুকন,বিতোপন গগৈ, ঋতুপৰ্ণ গগৈ, সদৌ টিৰাপ জিলা ছাত্ৰ সন্থাৰ সভাপতি জায়াং বাংছিয়া উপস্থিত থাকে ।

ছাত্ৰ সংগঠন দুয়োটাৰ এনে প্ৰচেষ্টাক ৰাইজে প্ৰশংসা কৰিছে । দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা অসম-অৰুণাচল সংযোগী মূল পথটো নিৰ্মাণৰ বাবে চৰকাৰে কেতিয়া গুৰুত্ব দিব সেয়াহে লক্ষ্যনীয় হ'ব । কিযনো উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনত ছাত্ৰ সন্থাই পথ নিৰ্মাণ কৰিব লগা বিষয়টোৱে আচলতে উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।

লগতে পঢ়ক : Vishal Mega Mart Cheating : মৰাণৰ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.