ETV Bharat / state

মৰাণত সক্ৰিয় ৰন্ধন গেছ চুৰি চক্ৰ

author img

By

Published : Sep 16, 2021, 3:46 PM IST

ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সময়তে মৰাণৰ মাহমৰাত মৰাণ আৰক্ষীয়ে জব্দ কৰিলে ৰন্ধন গেছ ভৰ্তি ট্ৰাকসহ খালী চিলিণ্ডাৰ । দীৰ্ঘদিন ধৰি অঞ্চলটোত ৰন্ধন গেছৰ চুৰি কাৰ্য চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

Moran Police
মৰাণত সক্ৰিয় ৰন্ধন গেছ চুৰি চক্ৰ

মৰাণ,১৬ ছেপ্টেম্বৰ: ৰাজ্যত সক্ৰিয় হৈছে ৰন্ধন গেছ (LPG) আৰু তেল চুৰি চক্ৰ । শেহতীয়াকৈ ডিব্ৰুগড় অঞ্চলত এই চক্ৰটোৱে বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিছে । এইবাৰ ৰন্ধন গেছৰ চুৰি চক্ৰৰ বিৰুদ্ধে মৰাণ আৰক্ষীৰ বৃহৎ সফলতা ।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মহমৰা চাহ বাগিচাৰ ৰাস্তাৰ কাষতে ৰন্ধন গেছ (LPG) ভৰ্তি গাড়ীৰ পৰা গেছ চুৰি কৰি থকা সময়তে আৰক্ষীৰ দল উপস্থিত । মঙলবাৰে পুৱতি নিশা মৰাণ আৰক্ষী চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়োৰ নেতৃত্বত এটা দল উপস্থিত হোৱাত গাড়ী চালকসহ চুৰি কাৰ্যত জড়িত সকল পলাই যাবলৈ সক্ষম হয় । মৰাণ আৰক্ষীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনা AS-২৩-BC-৬৬৪৭ নম্বৰৰ গাড়ীসহ চিলিণ্ডাৰসমূহ জব্দ কৰি মৰাণ আৰক্ষী থানাত ৰাখিছে ।

Moran Police
মৰাণত সক্ৰিয় ৰন্ধন গেছ চুৰি চক্ৰ

মৰাণ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হোৱা সময়ত প্ৰায় ৪৮ টা খালী চিলিণ্ডাৰ গাড়ীৰ ওচৰতে পৰি আছিল আৰু ২৭ টা গেছ ভৰ্তি চিলিণ্ডাৰ নমাই ৰখা হৈছিল । আনহাতে গেছ ভৰ্তি গাড়ী খনত কিমান চিলিণ্ডাৰ আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Moran Police
মৰাণত সক্ৰিয় ৰন্ধন গেছ চুৰি চক্ৰ

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি গেছ ভৰ্তি ট্ৰাকখন তিনিচুকীয়াৰ পৰা নাগালেণ্ডৰ মুককচুঙলৈ গৈ আছিল । উল্লেখ্য যে, ৰন্ধন গেছৰ নাটনিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ (Price Hike) সময়তে এক বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা উক্ত অঞ্চলত গেছ আৰু তেল চুৰিৰ দৰে কাৰ্য চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :অনুজ্ঞাপত্ৰবিহীন কাঠৰ বিপণীত বন বিভাগৰ হাতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.