ETV Bharat / state

One died in elephant attack: জয়পুৰত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Oct 31, 2022, 6:17 PM IST

ৰাজ্য়ৰ আন ঠাইৰ লগতে নাহৰকটীয়াতো বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Naharkatia) । ইয়াৰ মাজতেই দেওবাৰে নিশা জয়পুৰ কমাৰ গাঁৱত হাতীৰ আক্ৰমণত আহত হয় এজন লোক (Elephant terror continues in Naharkatia)। ঘটনা সন্দৰ্ভত জয়পুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত খবৰ দিয়াৰ পিছতো কোনো এজন বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।

Elephant terror at Naharkatia
জয়পুৰত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৰাইজৰ প্ৰতিবাদ

মৰাণ, ৩১ অক্টোবৰ: নাহৰকটীয়াত হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে (Man Elephant Conflict in Naharkatia)। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ (Dihing Patkai National Park) পৰা এজাক বনৰীয়া হাতী ওলাই আহি দেওবাৰে নিশা জনাঞ্চলত প্ৰৱেশ কৰে । প্ৰায়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা জাকে জাকে বনৰীয়া হাতী আহি কমাৰ গাঁও, কোঁৱৰবাম, কাকজান হাবি আদি অঞ্চলবোৰত খেতি পথাৰ নষ্ট কৰাৰ উপৰিও ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে ।

দেওবাৰে নিশা জয়পুৰ কমাৰ গাঁৱৰ হৰকান্ত সোনোৱাল (৫৯) নামৰ এজন লোকে ধাননি পথাৰত পহৰা দি থকা অৱস্থাত বনৰীয়া হাতীৰ জাক এটাই আক্ৰমণ কৰে । এই আক্ৰমণত আহত লোকজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Assam Medical College Hospital) ভৰ্তি কৰোৱা হৈছে ।

ইপিনে, ঘটনা সন্দৰ্ভত জয়পুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত খবৰ দিয়াৰ পিছতো কোনো এজন বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । শতাধিক ৰাইজে জয়পুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৰৈ থকাৰ পিছতো বনাঞ্চলিক বিষয়াগৰাকী উপস্থিত নোহোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

জয়পুৰত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৰাইজৰ প্ৰতিবাদ

ৰাইজে অতি শীঘ্ৰে আঘাতপ্ৰাপ্ত লোকজনক ক্ষতিপূৰণ দিবলৈ দাবী জনায় । ক্ষুব্ধ ৰাইজে লগতে বৃহত্তৰ অঞ্চলটোক বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ স্থায়ী পদক্ষেপ গ্ৰহণৰো দাবী জনায় ।

উল্লেখ্য় যে, নাহৰকটীয়াত বিগত এমাহত দুটাকৈ বনৰীয়া হাতীৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে । ইয়াৰ পাছতো বন বিভাগে বন্যহস্তী নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰিবলৈ গুৰুত্ব প্ৰদান নকৰা বিষয়টোত নাহৰকটীয়াৰ জয়পুৰৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

ইপিনে,ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা এখন জিলাত এজন লোকে হ'লেও প্ৰাণ হেৰুৱাইছে । বন্যহস্তীয়ে ক'ৰবাত যদি ঘৰ ভাঙিছে,আন ক'ৰবাত আকৌ খেতিপথাৰত বিস্তৰ ক্ষতিসাধন কৰিছে । খেতিপথাৰ তহিলং কৰাত খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক:Assam Arunachal Border issue : সোণাৰিত সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.