ETV Bharat / state

Felicitation programme in Tingkhang: টিংখাঙৰ সদ্য নিযুক্তিপ্ৰাপ্তসকলক সম্বৰ্ধনা

author img

By

Published : May 31, 2023, 1:20 PM IST

Newly recruited youths were felicitated at Tingkhang
টিংখাঙৰ সদ্য নিযুক্তিপ্ৰাপ্তসকলক সম্বৰ্ধনা

টিংখাঙৰ সদ্য নিয়োগপ্ৰাপ্ত কেইবা শতাধিক যুৱ যুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই (Felicitation programme in Tingkhang) । যিদৰে চাকৰি পোৱাৰ আগত ত্যাগ আৰু সক্ৰিয়তাৰে কাম কৰিছিল নিযুক্তি লাভ কৰাৰ পাছত সেই একেই উদ্যম বৰ্তাই ৰাখিবলৈ আহ্বান জনাই মন্ত্ৰী বিমল বড়াই ।

টিংখাঙৰ সদ্য নিযুক্তিপ্ৰাপ্তসকলক সম্বৰ্ধনা

টিংখাং,৩১ মে': মঙলবাৰে সন্ধিয়া টিংখাঙৰ ধোৱাপথাৰত অনুষ্ঠিত কৰা হয় এক বিশেষ অভিনন্দন অনুষ্ঠান । উক্ত "অভিনন্দন অনুষ্ঠানত" নৱ-নিযুক্ত প্ৰাৰ্থীসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই (Newly recruited youths were felicitated at Tingkhang) । অসম চৰকাৰৰ বিভিন্ন বিভাগত সদ্য নিয়োগপ্ৰাপ্তসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে আগবঢ়াই সাৰুৱা ভাষণ ।

তেওঁ কয় যে, আজিৰ প্ৰজন্মই চাকৰি এটা পাবৰ বাবে যিমান কষ্ট, ত্যাগ আৰু সক্ৰিয়তা প্ৰদৰ্শন কৰে নিযুক্তি লাভ কৰাৰ পাছত সেই সক্ৰিয়তা, উদ্যম প্ৰদৰ্শন কৰা দেখা নাযায় (Assam Government recruitment) । নৱ-প্ৰজন্ম হ'ল ৰাষ্ট্ৰৰ ভৱিষ্যত, আগন্তুক দিনৰ আশা-ভৰসাৰ থল । গতিকে এই যুৱ-শক্তিক সঠিক পথৰ সন্ধান দিব পাৰিলে তেওঁলোকে এক কোবাল গতিবেগৰ সৃষ্টি কৰিব, যি গতিবেগে দেশক ক্ষিপ্ৰতাৰে বিকাশৰ পথত আগুৱাই নিব (Felicitation programme in Tingkhang) ।

লগতে পঢ়ক: Reshuffle in Assam Police: নগাঁও আৰক্ষীত এইবাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰ্যায়ত ৰদ বদল

মন্ত্ৰী বিমল বড়াৰ আতিথ্যত, ভাৰতীয় জনতা যুৱ মৰ্চা টিংখাং আৰু লেঙেৰী মণ্ডলৰ উদ্যোগত তথা ধোৱাপথাৰ কেছেৰুগুৰি যুৱ সংঘৰ সহযোগত, ধোৱাপথাৰ কেছেৰুগুৰি যুৱ সংঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই অন্তৰংগ অনুষ্ঠানত ভাষণ প্ৰদান কৰি নতুনকৈ নিযুক্তি প্ৰাপ্তসকলক সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় বিমল বড়াই ৷

অসমক ভাৰতৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰাৰ ৰাজ্য চৰকাৰৰ সংকল্পক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত নিজৰ সৰ্বোচ্চ প্ৰদান কৰিবলৈ নৱ-নিযুক্ত প্ৰাৰ্থীসকলক অনুৰোধ জনাই মন্ত্ৰী গৰাকীয়ে ৷ উক্ত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱা, জিলা চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ তৃষ্ণা বৰা, বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা, টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা অভিযন্তাসকল, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক: AASU protest in Dibrugarh:চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.