ETV Bharat / state

ডিব্ৰুগড়ৰ মৰাণ-তিলৈ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

author img

By

Published : Nov 18, 2019, 7:46 PM IST

ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ -যোৰহাট অভিমুখে আহি থকা এ এছ-০৬ এ চি- ৮০৫৯ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ স'তে ডিব্ৰুগড় অভিমুখে গৈ থকা এ এছ-০৬ বি- ৯৯৮৭ নম্বৰৰ মাৰুতি কাৰখনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত মাৰুতি কাৰখনৰ চালকসহ চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয় ৷

ডিব্ৰুগড়ৰ মৰাণ-তিলৈ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

মৰাণ, 18 নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ-তিলৈ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ -যোৰহাট অভিমুখে আহি থকা এ এছ-০৬ এ চি- ৮০৫৯ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ডিব্ৰুগড় অভিমুখে গৈ থকা এ এছ-০৬ বি- ৯৯৮৭ নম্বৰৰ মাৰুতি কাৰখনৰ ৷ ডিব্ৰুগড় অভিমুখে গৈ থকা মাৰুতি কাৰখনে ছাগলী কঢ়িয়াই আনিছিল ৷ দুৰ্ঘটনাটোত মাৰুতি কাৰখনৰ চালকসহ চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয় ৷

Moran Tiloi 37 national highway road accident
ডিব্ৰুগড়ৰ মৰাণ-তিলৈ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

ইতিমধ্যে, ট্ৰেভেলাৰখনৰ যাত্ৰী দুৰ্গা গোহাঁই(৫০), ভানু গোহাঁই(৫০) আৰু সৰুমাই গগৈ( ৬৫) আৰু মাৰুতি কাৰখনৰ চালক জিতু শ্বাহক চিকিৎসাৰ বাবে মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ প্ৰাথমিক চিকিৎসা কৰাৰ পাছত যাত্ৰী তিনিগৰাকীক যাবলৈ দিয়া হয় যদিও মাৰুতি কাৰখনৰ চালক ডিব্ৰুগড় পাঁচআলিৰ জিতু শ্বাহ বৰ্তমানেও মৰাণ-তিলৈ সামুহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে, মাৰুতিখনত উদ্ধাৰ হোৱা ছাগলীখিনি চুৰি কৰি অনা বুলিহে সন্দেহ কৰিছে খোৱাং থানাৰ আৰক্ষীয়ে ।

Intro:

ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত মৰাণৰ তিলৈ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ -যোৰহাট অভিমুখে আহি থকা এ এছ-০৬ এ চি- ৮০৫৯ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ স'তে ডিব্ৰুগড় অভিমুখে গৈ থকা এ এছ-০৬ বি- ৯৯৮৭ নম্বৰৰ এখন ছাগলী কঢ়িয়াই মাৰুতি কাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত মাৰুতী কাৰখনৰ চালকসহ চাৰিজন আৰুহী গুৰুতৰভাৱে আহত হয় । ট্ৰেভেলাৰখনৰ যাত্ৰী দুৰ্গা গোহাঁই(৫০), ভানু গোহাঁই(৫০) আৰু সৰুমাই গগৈ( ৬৫) আৰু মাৰুতি কাৰখনৰ চালক জিতু শ্বাহক চিকিৎসাৰ বাবে মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা কৰাৰ পাছত যাত্ৰী তিনিগৰাকীক যাবলৈ দিয়া হয় যদিও মাৰুতি কাৰখনৰ চালক ডিব্ৰুগড় পাঁচআলিৰ জিতু শ্বাহ(২৮) বৰ্তমানেও মৰাণ-তিলৈ সামুহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ছাগলীখিনি ক'ৰ পৰা ক'লৈ আৰু কিয় মাৰুতি কাৰত অনা হৈছিল এই বাতৰি প্ৰেৰণৰ পৰলৈ জানিব পৰা হোৱা নাই ৷ কিন্তু ছগলীখিনি চুৰি অনা বুলিহে সন্দেহ কৰিছে খোৱাং থানাৰ আৰক্ষীয়ে ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.