ETV Bharat / state

মৰাণত পদ্মনাথ গোঁহাঞি বৰুৱা বক্তৃতা অনুষ্ঠান

author img

By

Published : Dec 26, 2020, 10:47 PM IST

Moran_Speech program of Padmanath Gohain baruah is end
মৰাণত পদ্মনাথ গোঁহাঞি বৰুৱা বক্তৃতা অনুষ্ঠান সমাপ্ত

মৰাণত পদ্মনাথ গোঁহাঞি বৰুৱাৰ স্মৃতিত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠান খনৰ আজি সফল সমাপ্তি হয় ৷ মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু মৰাণ মহাবিদ্যালয় অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানখন মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷

মৰাণ,26ডিচেম্বৰ: আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল পদ্মনাথ গোঁহাঞি বৰুৱা । তেওঁ একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক হিচাপে পৰিচিত আছিল । এই মহান ব্যক্তি গৰাকীৰ স্মৃতিত মৰাণত আজি অনুষ্ঠিত কৰা হয় পদ্মনাথ গোঁহাঞি বৰুৱা বক্তৃতা অনুষ্ঠানটিৰ ৷

মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু মৰাণ মহাবিদ্যালয় অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটি মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ মৰাণ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নীলিমা তালুকদাৰে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানত সভাপতিত্ব কৰে মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্তই। ইয়াৰ পিছতে বিশিষ্ট লেখিকা , গড়গাঁও কলেজৰ প্ৰাক্তন অধ্যাপিকা ড° অৰুন্ধতী মহন্তই পদ্মনাথ গোঁহাঞিবৰুৱাৰ তত্বমূলক গ্ৰন্থ শ্ৰীকৃষ্ণঃ এটা অৱলোকণ বিষয়ৰ ওপৰত বিশেষ বক্তৃতা প্ৰদান কৰে । বিশিষ্ট লেখিকা গৰাকীয়ে পদ্মনাথ গোঁহাঞিবৰুৱাৰ সৃষ্টিৰাজি আৰু জীৱন পৰিক্ৰমাৰ বিষয়েও বক্তৃতা দাঙি ধৰে । উক্ত বক্তৃতা অনুষ্ঠানৰ লগতে আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ বঁটা সমূহো বিতৰণ কৰা হয় । অনুষ্ঠানত মৰাণ শাখা সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা সকলো উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.