ETV Bharat / state

বিধায়িনী দলৰ কোষাধ্যক্ষৰ দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

author img

By

Published : May 22, 2021, 1:21 PM IST

মৰাণ সমষ্টিবাসীলৈ সুখবৰ । পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোতেই মৰাণ সমষ্টিবাসীয়ে লাভ কৰিলে এক সুখবৰ । বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ।

Chakradhar Gogoi
বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ, ২২ মে': সম্পূৰ্ণ ক'ভিড প্ৰট’কলৰ মাজেৰে শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হয় পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন । অধিৱেশনৰ প্ৰথম দিনটোতেই মৰাণ সমষ্টিবাসীলৈ আহিল এক ভাল খবৰ । মৰাণৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছতে বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰে । বিধায়কগৰাকীয়ে এক সন্মানীয় দায়িত্ব লাভ কৰাৰ পাছতে মৰাণৰ দলীয় কৰ্মীসকলৰ মাজত আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, বিধায়ক চক্ৰধৰ গগৈয়ে দ্বিতীয়বাৰলৈ বিধায়ক হোৱাৰ পাছতে নতুন মন্ত্ৰী সভাত স্থান লাভ কৰিব বুলি মৰাণ দলীয় কৰ্মীৰ লগতে সমষ্টিৰ ৰাইজে আশা কৰিছিল । কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চক্ৰধৰ গগৈ জিকিলে মন্ত্ৰীত্বৰ পদ দিয়া হ'ব বুলি ঘোষণা কৰিছিল ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকা আগবঢ়ালে মাজুলীৰ যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.