নিৰ্দলীয় প্ৰাৰ্থীৰ দখলত মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

author img

By

Published : Sep 27, 2022, 7:28 PM IST

moran-college-students-union-election-held

নিৰ্দলীয় প্ৰাৰ্থীক ছাত্ৰ একতা সভাৰ দায়িত্ব দিলে মৰাণ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে (Moran college Students Union Election held))৷ কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল মৰাণ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷

ডিব্ৰুগড়,26 ছেপ্টেম্বৰ: ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত আজি অনুষ্ঠিত হৈ যায় ছাত্ৰ একতা সভা নিৰ্বাচন (Moran college Students Union Election held) । কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল মৰাণ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন । মৰাণ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ১৩টা পদৰ আজি ১১টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিবাৰ্চন ।

এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীক ছাত্ৰ একতা সভাৰ দায়িত্ব দিলে মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজে । আছু, ছাত্ৰ মুক্তি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও ৯ টাকৈ পদত নিৰ্দলীয় প্ৰাৰ্থীয়ে বৃহৎ ভোটত জয়লাভ কৰাৰ পাছতে মৰাণ মহাবিদ্যালয় চৌহদত উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ।

মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাত সভাপতি হিচাপে সিদ্ধাৰ্থ দত্ত, উপ-সভাপতি ৰক্তপল জ্যোতি মহন, সাধাৰণ সম্পাদক হীৰকজ্যোতি মহন, সহকাৰী সাধাৰণ সম্পাদক আশীষ চুতীয়া, আলোচনী সম্পাদক নীলাক্ষি বড়া, সাংস্কৃতিক সম্পাদক প্ৰান্তিক দাস, তৰ্ক সম্পাদক হীৰণজ্যোতি ফুকন, সমাজ সেৱা সম্পাদক ছায়ামনি বড়া, ছাত্ৰী জিৰণী কোঠা সম্পাদক বৃষ্টি শইকীয়া নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয় ।

আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ(Akhil bhartiyo vidyarthi parishad) সমৰ্থিত হিমাংশু বৰগোহাঁই ক্ৰীড়া সম্পাদক আৰু বৃষ্টিৰাণী চেতীয়া উৎসৱ সম্পাদক জয় লাভ কৰাৰ বিপৰীতে বাস্তৱ চুতীয়া শৰীৰ চৰ্চা সম্পাদক আৰু জ্ঞানদ্বীপ ফুকন ছাত্ৰ জিৰণী কোঠা সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰে ।

লগতে পঢ়ক: ছোনিয়াৰ কঠোৰ স্থিতিত নেগুৰ পেলালে গেহলট শিবিৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.