ETV Bharat / state

লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰিশৰো অধিক আসন লাভ কৰিব : প্ৰশান্ত ফুকন

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 7:10 AM IST

MLA Prasanta Phukan on loksabha poll 2024 : ডিব্ৰুগড়ত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক সমালোচনা বিধায়ক প্ৰশান্ত ফুকনৰ ৷ সমাগত লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰিশৰো অধিক আসন লাভ কৰিব বুলি দাবী বিধায়কগৰাকীৰ ৷ 39318 গৰাকী হিতাধিকাৰীয়ে ডিব্ৰুগড়ত নতুনকৈ লাভ কৰে ৰেচন কাৰ্ড ৷

MLA Prasanta Phukan slams Rahul Gandhi
ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকন

ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকন

মৰাণ, 19 জানুৱাৰী : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পাচত লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰিশৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰে বিধায়ক প্ৰশান্ত ফুকনে ৷ ডিব্ৰুগড়ত আয়োজিত ৰেচন কাৰ্ড প্ৰদান কাৰ্যসূচী উদ্বোধন অনুষ্ঠানত এই মন্তব্য কৰে বিধায়ক প্ৰশান্ত ফুকনে ৷ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

88 নং ডিব্ৰুগড় বিধানসভা সমষ্টিত 39318 গৰাকী হিতাধিকাৰীয়ে বৃহস্পতিবাৰে নতুনকৈ লাভ কৰে ৰেচন কাৰ্ড । এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান উদ্বোধন কৰি যোগেন মহনে এই ৰেচন কাৰ্ডৰ জৰিয়তে বঞ্চিত দুখীয়া মানুহ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই কাৰ্ড বিতৰণ কৰা হৈছে আৰু দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ লোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । বছৰি চাৰিলাখ টকা উপাৰ্জন কৰা লোকে এই আঁচনিৰ অধীনত এই ৰেচন কাৰ্ড পাব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

অসমৰ সকলো ৰেচন কাৰ্ড থকা পৰিয়ালে পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী যোগেন মহনে এই ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীয়ে উজ্বলা আঁচনিৰ অধীনত গেছৰ সংযোগ লাভ কৰিব বুলিও মন্তব্য কৰে । এখন ৰেচন কাৰ্ড পোৱা মানে তিনিটাকৈ সুবিধা লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

ভৱিষ্যতে এই ৰেচন কাৰ্ডৰ জৰিয়তে জীৱন বীমাৰ সুবিধাও লাভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও ভাষণ প্ৰসংগত কয় । এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত আৰু কেইবা হাজাৰ হিতাধিকাৰী উপস্থিত থাকে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক প্ৰশান্ত ফুকনে ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰে । বিধায়ক প্ৰশান্ত ফুকনে কয়, "ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰি তিনিখন ৰাজ্যৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছে । ন্যায় যাত্ৰাৰ পাছতে 24 ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰিশৰো অধিক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব । এতিয়া ভাৰতবৰ্ষৰ ৰাইজৰ মনত কেৱল নৰেন্দ্ৰ মোদী আছে ইয়াত বেলেগ কিন্তু নাই’’ ।

লগতে পঢ়ক: গান্ধী পৰিয়ালক ডুপ্লিকেট পৰিয়াল আখ্যা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.