ক্ষমা খোজাব নোৱাৰিলে বিধায়ক কৰিমুদ্দিনে: মন্ত্ৰীক অহংকাৰী আখ্যা দি ৰাইজকে দিলে বিচাৰৰ দ্বায়িত্ব

author img

By

Published : Aug 6, 2022, 10:57 PM IST

Karim Uddin Barbhuiya demands apology from Pijush Hazarika

বাৰে বাৰে সময়সীমা বান্ধি দিও মন্ত্ৰী পীযুষ হাজৰিকাক ক্ষমা খোজাব নোৱাৰিলে বিধায়ক কৰিমুদ্দিন বৰভূঞাই ৷ সেয়েহে AIUDF ৰ বিধায়কগৰাকীয়ে অহংকাৰী আখ্যা দিলে পীযুষ হাজৰিকাক ৷

ডিব্ৰুগড়, 6 আগষ্ট: ক্ষমা নুখুজিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ বিধায়ক কৰিমুদ্দিন বৰভূঞাই সময়সীমা বান্ধি দিয়াৰ পাছতো ক্ষমা খুজাৰ নামেই নল’লে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে ক্ষমা নুখুজিলে বিশেষ ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল কৰিমুদ্দিন বৰভূঞাই (Karim Uddin Barbhuiya demands apology from Pijush Hazarika)৷ কিন্তু কোনোপধ্যেই মন্ত্ৰীগৰাকীয়ে ক্ষমা নুখুজাত সকলো ৰাইজৰ বাবে আগবঢ়াই দিলে AIUDF ৰ বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত কেইবাজনো জেহাদী আটক হোৱাৰ পাছতেই মন্ত্ৰী পীযুষ হাজৰিকা AIUDF ৰ বিধায়কসকলক সমালোচনা কৰিছিল (Minister Pijush Hazarika Comment on Jihadi)। তেওঁ কৈছিল যে AIUDF ৰ বিধায়কসকল জেহাদীৰ লগত জড়িত । ইয়াৰ পাছতে সৰব হৈ উঠিছিল AIUDF ৰ বিধায়কসকল ।

মন্ত্ৰীক অহংকাৰী আখ্যা দি ৰাইজকে বিচাৰৰ দ্বায়িত্ব দিলে

ইয়াৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাক ক্ষমা খোজাৰ দাবী কৰিছিল AIUDF ৰ বিধায়কসকলে । মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা নোখোজাত আজি টিংখাঙত AIUDF ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয়, মন্ত্ৰী পীযুষ হাজৰিকা অহংকাৰী । তেওঁলোকে কেতিয়াও ক্ষমা নোখোজে ৷ সেয়েহে ৰাইজলৈ আগবঢ়াই দিছো ৷ ৰাইজে বিচাৰ কৰিব ৷

ইয়াৰ লগতে জেহাদীক লৈ মন্তব্য কৰা মন্ত্ৰী অশোক সিংঘালক তীব্ৰ সমালোচনা কৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই ।

লগতে পঢ়ক: NRC controversy: এন আৰ চিৰ ক্ষেত্রত আছুৰ ভূমিকা সন্দেহজনক আখ্যা প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.