NRC controversy: এন আৰ চিৰ ক্ষেত্রত আছুৰ ভূমিকা সন্দেহজনক আখ্যা প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

author img

By

Published : Aug 6, 2022, 9:23 PM IST

Blast over NRC by Ex coordinator Hitesh Dev Sarma

এন আৰ চিৰ ক্ষেত্রত আছুৰ ভূমিকা সন্দেহজনক বুলি মন্তব্য প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ (Ex-NRC coordinator Hitesh Dev Sarma) । বংশবৃক্ষত হোৱা সকলো ভুল জানিও আছুৱে পুনৰীক্ষণৰ বাবে কোনোদিনেই মাত মতা নাছিল বুলি উল্লেখ বিষয়াগৰাকীৰ । একমাত্র মুখলজ্জাৰ বাবেই আছুৱে দাখিল কৰিছিল শপতনামা । শপতনামাতো কোনো ধৰণৰ বিশেষ তথ্য নিদিয়াৰ অভিযোগ এন আৰ চিৰ প্ৰাক্তন সমন্বয়কগৰাকীৰ ৷

গুৱাহাটী,৬ আগষ্ট: অসমৰ দীৰ্ঘদিনীয়া জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিক লৈ অসমবাসী আশাবাদী আছিল যদিও আজিও সমগ্ৰ প্ৰক্ৰিয়াটো এক নুবুজা সাঁথৰ হৈয়ে ৰ’ল (The confusion over the status of the Assam NRC) । আশা কৰা হৈছিল এন আৰ চিৰ যোগেদি অসম অবৈধ বাংলাদেশী মুক্ত হ'ব । বহু অপেক্ষাৰ অন্তত অসমে এখন এন আৰ চি লাভ কৰিলে যদিও লাভ নকৰিলে কোনো ফলাফল ।

এন আৰ চি খনৰ আঁৰত যেন সকলো দল-সংগঠনে নিজৰ স্বাৰ্থ পূৰণ কৰিলে । তাৰেই আভাস দিছে এন আৰ চিৰ সদ্য অৱসৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই(Ex-NRC coordinator Hitesh Dev Sarma) । ৩১ জুলাইত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণৰ পাছতে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে হিতেশ দেৱ শৰ্মাই । বিশেষকৈ সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ বিৰুদ্ধে তেওঁ কেতবোৰ বিস্ফোৰক অভিযোগ আনিছে ।

তেওঁ কয় যে এন আৰ চিৰ ক্ষেত্রত আছুৰ ভূমিকা সন্দেহজনক । আছুৱে ভুল জানিও মাত মতা নাছিল । বংশবৃক্ষত হোৱা সকলো ভুল জানিও আছুৱে পুনৰীক্ষণৰ বাবে কোনোদিনেই মাত মতা নাছিল । তেওঁ উত্থাপন কৰা অভিযোগ অনুসৰি আছুৱে এন আৰ চিৰ কাম যে ভাল হোৱা নাছিল সেই কথা ভালদৰে জানিছিল । কিন্তু জনাৰ পাছতো তেওঁলোকে পুনৰীক্ষণৰ বাবে কোনো ধৰণৰ আবেদন উচ্চতম ন্যায়ালয়ত দিয়া নাছিল ।

২০১৯ চনৰ ৩১ আগষ্টত পৰিপূৰক তালিকা প্ৰকাশ হোৱাৰ আগলৈকে আছুৱে পুনৰীক্ষণ বিচৰা নাছিল । তেওঁলোকে কৈছিল যে তেওঁলোকৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা আছে । কিন্তু পৰিপূৰক তালিকাত ১৯ লাখ লোকৰ নাম বাদ পৰাৰ পাছত তেওঁলোকে ক'লে যে এই এন আৰ চিকলৈ তেওঁলোক সন্তুষ্ট নহয় । এদিনতে তেওঁলোকে স্থিতি সলনি কৰিলে ।

এইক্ষেত্রত তেওঁ কয় যে আছু নম্বৰৰ খেলৰ লগত জড়িত আছিল । কাৰণ তেওঁলোকে আৰম্ভনীৰে পৰা কৈ আহিছিল যে অসমত ৮০ লাখ বিদেশী আছে । ২০১৮ চনত খচৰা তালিকা প্ৰকাশ হোৱাৰ সময়ত ৪০ লাখ লোকৰ নাম বাদ পৰিছিল । তেতিয়া আছুৱে আনন্দ-উল্লাস কৰি মিঠাই খাইছিল । কিন্তু যেতিয়া এই সংখ্যা কমি ১৯ লাখ হ'ল তেতিয়া আছুৰ অংকত খেলিমেলি লাগিল । যাৰবাবেই ৰাইজে বেয়া পাব নাইবা মুখ লজ্জাৰ বাবে আছুৱে সন্তুষ্ট নহয় বুলি ক'লে ।

তেওঁ লগতে কয় যে, পৰৱৰ্তী সময়ত আছুৱে পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল যদিও কোনো ধৰণৰ বিশেষ তথ্য দিয়া নাছিল । শপতনামাত তেওঁলোকে লাভ কৰা ভুলৰ বিষয়ে একো উল্লেখ নকৰিলে । একমাত্র মুখলজ্জাৰ বাবেই দিছিল । তেওঁ কয় যে তেওঁ দিয়া এজাহাৰ দুখনৰ ভালদৰে তদন্ত হ'লে সকলো কথা স্পষ্ট হৈ পৰিব যে এখন অশুদ্ধ এন আৰ চিৰ বাবে কোন কোন দায়বদ্ধ ।

অসমৰ প্ৰকৃত শুভাকাংক্ষী কোন সেইটো ৰাইজে বিচাৰ কৰিব বুলি সদৰি কৰি তেওঁ কয় যে ৰাইজে কাৰোবাক জাতি ৰক্ষাৰ ঠিকা দিয়াটো বন্ধ কৰিব লাগিব । তেওঁ তেওঁৰ কাৰ্যকালত দেখা পোৱা অভিজ্ঞতাৰ পৰা সংগঠনৰ কাৰ্যকলাপৰ ওপৰত সন্দেহ থকাৰ কথা ব্যক্ত কৰে । এন আৰ চিৰ ক্ষেত্রত আছুৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ কৰি তেওঁ আছুৰ পূৰ্বৰ ভুলৰ কথা উল্লেখ কৰে । তেওঁ কয় যে অসমক বাদ দি সমগ্ৰ দেশৰ বাবে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৪৮ চনৰ ১৯ জুলাই ।

অসমৰ ক্ষেত্রত আছুৱে আন্দোলন কৰিলে ৮৫৫ জন শ্বহীদ হ'ল আৰু তাৰ বিনিময়ত ভিত্তিবৰ্ষ লাভ কৰিলে ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত । আন্দোলন নকৰাই দেশৰ আন ৰাজ্যই এটা ভিত্তিবৰ্ষ পালে আৰু আন্দোলন কৰি অসমে পালে আন এটা ভিত্তিবৰ্ষ । এইটো কি কথা বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে ইয়াৰ ফলত ৫০ লাখৰো অধিক বিদেশীয়ে নাগৰিকত্ব লাভ কৰিলে । আছুৱে জাতিক উদ্ধাৰ কৰিলে নে জাতিৰ অধঃপতন আনিলে সেইটো ৰাইজে জানে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক : Protest against Jihadi: মৌলবাদী শক্তিৰ বিৰুদ্ধে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.