Protest against Jihadi: মৌলবাদী শক্তিৰ বিৰুদ্ধে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Aug 6, 2022, 8:46 PM IST

Protest against Jihadi

শনিবাৰে তেজপুৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শোণিতপুৰ জিলা কমিটিয়ে জেহাদী আৰু মৌলবাদী শক্তিৰ তীব্ৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । পৰিষদৰ তৰফৰ পৰা তেজপুৰৰ ভূপেন হাজৰিকাৰ কলাভূমিৰ সন্মুখত অৱস্থান কৰি এই কাৰ্যৰ বিৰোধিতা কৰে (Sonitpur Goria Moria Jatiya Parishad protest against Jihadi) ।

তেজপুৰ, ৬ আগষ্ট : অসমত শেহতীয়াকৈ ভয়ানকভাৱে ঠন ধৰি উঠিছে মৌলবাদী শক্তি । ইতিমধ্যে মৰিগাঁও আৰু বৰপেটা জিলাত গ্ৰেপ্তাৰ হৈছে বহুকেইজন জেহাদী (Jihadi arrested in Assam) । আনহাতে, জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক হৈছে কেইবাজনো ব্যক্তি । মৰিগাঁৱৰ এখন মাদ্ৰাছাৰ শিক্ষক জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ লগতে প্ৰশাসনে উচ্ছেদ চলাইছে মাদ্ৰাছাখনত (Avection on Madrassa linked with Jihadi) ।

একেদৰে অসম চৰকাৰেও অসমত থকা জেহাদী তথা মৌলবাদীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে । আনহাতে, অসমৰ খিলঞ্জীয়া মুছলিমৰ সংগঠন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও (Goria Moria Desi Parishad protest against Jihadi) মৌলবাদী কাৰ্যকলাপৰ লগত জড়িত থকা ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে চৰকাৰৰ ওচৰত ।

মৌলবাদী শক্তিৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ । শনিবাৰে তেজপুৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শোণিতপুৰ জিলা কমিটিয়ে জেহাদী আৰু মৌলবাদী শক্তিৰ তীব্ৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । পৰিষদৰ তৰফৰ পৰা তেজপুৰৰ ভূপেন হাজৰিকাৰ কলাভূমিৰ সন্মুখত অৱস্থান কৰি এই কাৰ্যৰ বিৰোধিতা কৰে (Sonitpur Goria Moria Jatiya Parishad protest against Jihadi) ।

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মৌলবাদী শক্তিৰ বিৰুদ্ধে প্ৰতিবাদ

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে এইখন অসম শংকৰদেৱ আৰু আজান ফকীৰৰ দেশ । ইয়াত একাংশ ধৰ্মীয় মৌলবাদী শক্তি তথা জেহাদীয়ে প্ৰভাৱ বিস্তাৰ কৰি অসমত বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । গৰিয়া মৰিয়া দেশী জাতীয় পৰিযদে সেয়া কেতিয়াও হ'বলৈ নিদিয়ে বুলি প্ৰকাশ কৰে ।

বৃহত্তৰ অসমীয়া জাতিৰ গঠনত শংকৰদেৱ আৰু আজান ফকীৰৰ সাতাম পুৰুষীয়া শান্তিত বিঘ্নিত কৰাটো মানি ল'ব নোৱাৰো বুলিও গৰিয়া মৰিয়া জাতীয় পৰিষদে লগতে জনায় (Sankardev and Azan Fakir) । লগতে কয় যে এইখন অসমৰ অসমীয়া জাতি গঠনত বীৰ লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ দৰে মহান ব্যক্তিৰ অৱদান আছে ।

সেয়ে অসমত মৌলবাদী শক্তিৰ উত্থান হ'বলৈ দিব নোৱাৰি আৰু ইয়াত উক্ত শক্তিৰ স্থান নাই বুলি প্ৰকাশ কৰে । এই মৌলবাদী শক্তিয়ে অসমৰ জাতি-বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়াৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলিও প্ৰকাশ কৰে ।

লগতে পঢ়ক :Protest against English Medium : গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ সিদ্ধান্তৰ বিৰোধিতাৰে বাম ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.