ETV Bharat / state

Missing girl from Duliajan rescued: বঙাইগাঁৱত উদ্ধাৰ হ’ল দুলীয়াজানৰ পৰা অপহৃত ছাত্ৰী

author img

By

Published : Jan 5, 2023, 6:33 PM IST

Missing girl from Duliajan rescued
বঙাইগাঁৱত উদ্ধাৰ হ’ল দুলীয়াজানৰ পৰা অপহৃত ছাত্ৰী

4 দিনৰ পিছত উদ্ধাৰ হ’ল দুলীয়াজানৰ পৰা অপহৰণ হোৱা ছাত্ৰী ৷ ডিব্ৰুগড় আৰক্ষীয়ে গুৱহাটী, বৰপেটা আৰু বঙাইগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই বঙাইগাঁৱৰ পৰা উদ্ধাৰ কৰিছে অপহৃত ছাত্ৰীগৰাকীক ৷ সমগ্ৰ ঘটনাৰে জড়িত মূল অভিযুক্ত জাহিদুৰ আলিসহ আন তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

বঙাইগাঁৱত উদ্ধাৰ হ’ল দুলীয়াজানৰ পৰা অপহৃত ছাত্ৰী

দুলীয়াজান, 5 জানুৱাৰী: দুলীয়াজানৰ পৰা সন্ধানহীন হোৱা ছাত্ৰীক বঙাইগাঁৱত উদ্ধাৰ ডিব্ৰুগড় আৰক্ষীৰ(Missing girl from Duliajan rescued) ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মূল অভিযুক্তসহ তিনিজনক আটক আৰক্ষীৰ ৷ উল্লেখ্য যে, 31ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল দুলীয়াজানৰ দৈনিক বজাৰ অঞ্চলৰ জনৈক আগৰৱালা উপাধিৰ এগৰাকী ব্যৱসায়ীৰ একাদশ শ্ৰেণীত অধ্যয়নৰত কন্যা(Minor girl kidnapped in Duliajan) ৷ এই সন্দৰ্ভত দুলীয়াজানত পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ(Duliajan Girl kidnapped case) ৷

অৱশেষত আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নিশা বঙাইগাঁৱৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকীক(Duliajan missing girl rescued from Bongaigaon) ৷ এই ঘটনাৰ মূল অভিযুক্ত জাহিদুৰ আলিৰ লগতে বাবু আলি , আব্দুল জালিল আৰু মতিৰু জামানক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই(Dibrugarh SP Shwetank Mishra) ৷ এই অপহৰণকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো(CM Himanta Biswa Sarma) টুইট কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই বঙাইগাঁও(Bongaigaon police) আৰু বৰপেটা আৰক্ষীৰ(Barpeta Pokice) সহযোগত অভিযান চলাই উদ্ধাৰ কৰে ছাত্ৰীগৰাকীক ৷

উল্লেখ্য যে, ছাত্ৰীগৰাকী লাভ জিহাদৰ(Love Jihad in Assam) বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, তেওঁলোকৰ বিপণিত ঠেলাচালক হিচাপে কৰ্মৰত বৰপেটাৰ কলগাছিয়া অঞ্চলৰ জাহিদুৰ আলি নামৰ বিবাহিত লোকজনে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক ৷ দীৰ্ঘদিনৰ পৰা দুলীয়াজানত থকা জাহিদুৰে প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই ছাত্ৰীগৰাকীক লৈ যোৱা বুলি পিতৃ-মাতৃয়ে আৰক্ষীক দিছিল অভিযোগ (Girl kidnapping case in Dibrugarh) ৷ ইফালে, ছাত্ৰীগৰাকী নিৰুদ্দিষ্ট হোৱা দিন ধৰি জাহিদুৰৰো কোনো শুংসূত্ৰ নোহোৱা হয় ৷ লগতে বন্ধ হৈ আছিল দুয়োৰে ম’বাইল ফোন ৷

এই অভিযোগৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতৰ কৰি তুলিছিল অভিযান ৷ লগতে মুখ্যমন্ত্ৰীৰ টুইটৰ পিচত অধিক তৎপৰ হৈ পৰিছিল আৰক্ষী ৷ ইফালে, মূল অভিযুক্ত জাহিদুৰ আলিসহ বাবু আলি, আব্দুল জালিল আৰু মতিৰু জামানক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ৷ উল্লেখ্য যে, এই অপৰহণৰ ঘটনাৰে জড়িত আটাইকেইটা অপৰাধী আছিল সম্পৰ্কীয় ৷ সম্প্ৰতি ছাত্ৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Assam woman in Pakistan Jail: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.