ETV Bharat / state

নাহৰকটীয়াত ৰাজমিস্ত্ৰীৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 3:59 PM IST

Ranjeet Kumar Dass : সততে কচৰৎ কৰা ভিডিঅ’ আপলোড কৰি চৰ্চিত হৈ থকা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক এইবাৰ দেখা গ’ল ৰাজমিস্ত্ৰীৰ ৰূপত ৷ হাতত কৰণি লৈ একান্ত মনেৰে প্লাষ্টাৰ কৰাত ব্যস্ত হ'ল মন্ত্ৰীগৰাকী ।

biggest PMAY colony
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

নাহৰকটীয়াত ৰাজমিস্ত্ৰীৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ডিব্ৰুগড়, 5 জানুৱাৰী: নাহৰকটীয়াৰ জয়পুৰত ৰাজমিস্ত্ৰীৰ ৰূপত দেখা গ'ল মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ৷ ভাৰতবৰ্ষৰ প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কলনী পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

উল্লেখ্য যে নাহৰকটীয়াৰ নামচাং চাহ বাগিচাত নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কলনী । অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত লাগি থকা নাহৰকটীয়া জয়পুৰৰ প্ৰায় ২০০ বছৰ পুৰণি নামচাং চাহ বাগিচাত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত উক্ত কলনী ।

সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কলনীৰ নিৰ্মাণকাৰ্যৰ বুজ ল'বলৈ বৃহস্পতিবাৰে আবেলি উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসিক আদৰ্শ কলনীখনৰ কাম-কাজৰ অগ্ৰগতি আৰু খতিয়ান বুজ লোৱা পিছত মিস্ত্ৰীৰ ৰূপত দেখা গ'ল মন্ত্ৰীগৰাকীক ।

হাতত কৰণি লৈ একান্ত মনেৰে প্লাষ্টাৰ কৰাত ব্যস্ত হ'ল মন্ত্ৰীগৰাকী । ৩২ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া উক্ত কলনীটোত ১১৩ গৰাকী হিতাধিকাৰীয়ে চাৰিসীমাসহ একোটাকৈ ঘৰ, আধাকঠা মাটি, গৃহ আলোকৰ সৌৰ ব্যৱস্থা, পথৰ দাঁতিত সৌৰ ব্যৱস্থা, জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সুবিধা, অনাময় আঁচনি, শিশু উদ্যান, এটা অংগণবাড়ী কেন্দ্ৰ, এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু ম’হ পালন আদি বহু ব্যৱস্থা কলনীটোত উপলব্ধ হ’ব ।

কলনীটোৰ প্ৰতিটো ঘৰৰ বাবদ ১ লাখ ৫০ হেজাৰ টকা, পথ পকীকৰণৰ বাবে ৪৯ লাখ টকা, জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ নামত ১ কোটি ১৮ লাখ টকা, পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবদ ৯ লাখ ৯৯ হেজাৰ টকা, আদৰ্শ অংগণবাড়ী কেন্দ্ৰৰ নামত ২৫ লাখ টকা ইতিমধ্যে ব্যয় কৰিছে ৰাজ্য চৰকাৰে ।

মুঠৰ ওপৰত এখন আদৰ্শ গাঁৱত থকাৰ দৰেই সকলো সা-সুবিধা উপলব্ধ হ’ব আদৰ্শ কলনীটোত । ইফালে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিৎ বুঢ়াগোহাঁইৰ ঐক্যবদ্ধ প্ৰচেষ্টাত নিৰ্মাণ হৈ থকা উক্ত কলনীটো মাঘ বিহুৰ আগে পিছে শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শৰ্মাই ।

তাৰ আগমূহুৰ্তত কলনীটোত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ প্ৰতিটো কামৰে তন্নতন্নকৈ পৰ্যবেক্ষণ কৰে । মন্ত্ৰীগৰাকীৰ সৈতে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত আটাইতকৈ দীঘলীয়া হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.