ETV Bharat / state

জনজাতিকৰণ বিচাৰে মন্ত্ৰী মহনে

author img

By

Published : Sep 18, 2022, 2:08 PM IST

Minister Jogen Mohan react on ST
জনজাতিকৰণ বিচাৰে বুলি মন্তব্য় মন্ত্ৰী মহনৰ

পুনৰ অসমৰ ৬ জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰিলে (Govt cheated six communities of Assam)। কেন্দ্ৰীয় চৰকাৰে কেবিনেটত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (Union Cabinet led PM Modi granted ST)। লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ।

মৰাণ,১৮ছেপ্টেম্বৰ:কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ (Govt cheated six communities of Assam)সাব্যস্ত কৰিছে দল-সংগঠন সমূহে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে (Union Cabinet led PM Modi granted ST)ৰাজ্য দল-সংগঠন সমূহ ।

জনজাতিকৰণ বিচাৰে বুলি মন্তব্য় মন্ত্ৰী মহনৰ

বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই । ৰাজ্যৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি । ইয়াৰ উপৰিও ২৬ছেপ্তেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ।

ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলেও ৰাজ্যৰ ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan react on ST) ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাটো বিচাৰে বুলি উল্লেখ কৰি জনজাতিকৰণৰ সপক্ষে মন্তব্য় আগবঢ়াইছে । মন্ত্ৰীগৰাকীয়ে দেওবাৰে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,'মই নিজেই আহোম জনগোষ্ঠীৰ মন্ত্ৰী হিচাপে জনজাতিকৰণ বিচাৰো ।' চৰকাৰে এই ক্ষেত্ৰত কাম কৰি আছে । যিহেতু জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে,গতিকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত পূৰ্ণ সহযোগীতা কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে । লগতে জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত মন্ত্ৰী যোগেন মহনে উদ্যোগ ল'ব বুলিও কয় ।

লগতে পঢ়ক:দুমাহৰ ভিতৰত দুবাৰকৈ পশ্চিমবংগ ভ্ৰমণ কৰিব অমিত শ্বাহে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.