ETV Bharat / state

Demand for Provincialization: ৰাজ্য়ৰ ২৪ হাজাৰ শিক্ষকক প্ৰাদেশিকীকৰণৰ আহ্বান

author img

By

Published : Aug 11, 2022, 1:35 PM IST

ৰাজ্য়ৰ ২৪ হাজাৰ অপ্ৰাদেশীকৃত শিক্ষকৰ কথা চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান অসম অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ সম্পাদক হৰমোহন বৰাৰ । ডিব্ৰুগড় জিলা অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সভাত তেওঁ এইদৰে আহ্বান জনায় (Dibrugarh District Non Provincialized Teachers Employees Association)।

Demand for Provincialization
২৪ হাজাৰ শিক্ষকক প্ৰাদেশিকীকৰণৰ আহ্বান

মৰাণ, ১১আগষ্ট : ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত হ'ল ডিব্ৰুগড় জিলা অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ (Dibrugarh District Non Provincialized Teachers Employees Association) সাধাৰণ সভা। ডিব্ৰুগড় জিলা অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা বুধবাৰে মৰাণৰ বামুণবাৰী চাহ জনজাতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হয় । উক্ত সভাত ডিব্ৰুগড় জিলাৰ অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সকলৰ এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয় (Teacher protest in ।

এই সভাখনত সদৌ অসম অপ্ৰাদেশিকীকৃত শিক্ষক সন্থাৰ সম্পাদক হৰমোহন বৰাই অংশ গ্ৰহণ কৰি কয় যে, ৰাজ্যখনত প্ৰায় ২৪ হাজাৰ অপ্ৰাদেশিকীকৃত শিক্ষক আছে । এই শিক্ষকসকল দীৰ্ঘদিন ধৰি প্ৰাপ্য়ৰ পৰা বঞ্চিত হৈ আহিছে । তেওঁ ৰাজ্য়ৰ ২৪ হাজাৰ অপ্ৰাদেশিকীকৃত শিক্ষকৰ বিষয়টো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এৰাই চলিব বিচৰা কাৰ্যক সমালোচনা কৰে । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলৰ সৈতে আলোচনা কৰিম বুলি কোৱা কাৰ্য শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ তেওঁ আহ্বান জনায় (Appeal to Chief Minister Dr Himanta Biswa Sarma)।

ৰাজ্য়ৰ ২৪ হাজাৰ শিক্ষকক প্ৰাদেশিকীকৰণৰ আহ্বান

আনহাতে, অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পাঠদান কৰিব বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে সদৌ অসম অপ্ৰাদেশিকীকৃত শিক্ষক সন্থাৰ সম্পাদক বৰাই । তেওঁ কয় যে, মাতৃভাষাতো সদায় বাহাল ৰাখিব লাগে । তাৰ পৰিৱৰ্তে ইংৰাজী বিষয়তো প্ৰথম শ্ৰেণীৰ পৰা শিকোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে । উক্ত সভাতেই অপ্ৰাদেশিকীকৃত শিক্ষক সকলৰ ১৪ টাকৈ দাবী সম্বলিত এখন পত্ৰও চৰকাৰলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সভাখনত ডিব্ৰুগড় জিলাৰ প্ৰায় শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:Assam Direct Recruitment 2022: তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.