ETV Bharat / state

Domestic violence : পুত্ৰ সন্তান জন্ম নিদিয়াৰ বাবে পত্নীক তালিবানী শাস্তি অধিবক্তা স্বামীৰ

author img

By

Published : Apr 4, 2023, 10:51 AM IST

Updated : Apr 4, 2023, 5:58 PM IST

Domestic violence
পুত্ৰ সন্তান জন্ম নিদিয়াৰ বাবে পত্নীক তালিবানী শাস্তি অধিবক্তা স্বামীৰ

আইনৰ ৰক্ষকে ভক্ষক । অধিবক্তা স্বামীয়ে বিগত প্ৰায় ১৫ বছৰ ধৰি পত্নীক মানসিক আৰু শাৰীৰিক অত্য়াচাৰ কৰি আহিছে (Domestic violence case)। পুত্ৰ সন্তান জন্ম দিব নোৱৰাৰ বাবে এই অত্যাচাৰ স্বামীৰ । আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাৰ পিতৃ পৰিয়াল ।

পুত্ৰ সন্তান জন্ম নিদিয়াৰ বাবে পত্নীক তালিবানী শাস্তি অধিবক্তা স্বামীৰ

মৰাণ,৪ এপ্ৰিল : ডিব্ৰুগড় জিলাত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । পত্নীক তালিবানী শাস্তি প্ৰদান কৰিছে এগৰাকী কুলংগাৰ স্বামীয়ে । এদিন দুদিন নহয় বিগত প্ৰায় ১৫ বছৰে স্বামীৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈ আহিছে মহিলাগৰাকী (Husband physically assaults wife)। মহিলাগৰাকীৰ দোষ এটাই, তেওঁ পুত্ৰ সন্তান জন্ম দিব নোৱাৰিলে । আধুনিক যুগত এই ধৰণৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অভিযুক্ত স্বামী আকৌ কোনো সাধাৰণ লোক নহয় । তেওঁ এগৰাকী অধিবক্তা । মাৰ্ঘেৰিটা আদালতৰ অধিবক্তা বিজয়েন্দ্ৰ মৌৰ্যৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উঠিছে । কেৱল অভিযোগে নহয় পত্নীক কঠোৰ তালিবানী শাস্তি দিয়াৰ দৃশ্য মোবাইলৰ কেমেৰাতো বন্দী হৈছে । ২০০৩ চনত বিবাহপাশত আৱদ্ধ হৈছিল ডিব্ৰুগড়ৰ মহিলাগৰাকী আৰু অধিবক্তা বিজয়েন্দ্ৰ মৌৰ্য ।

বিবাহৰ পাছতে এগৰাকী কন্যা সন্তান জন্ম হৈছিল তেওঁলোকৰ ঘৰত । তেতিয়ালৈকে সকলো ঠিকেই আছিল । কিন্তু পাছত স্বাস্থ্যজনিত সমস্যাৰ বাবে আৰু সন্তান জন্ম দিব নোৱাৰিলে পত্নীয়ে । সেইয়াই কাল হ'ল দুৰ্ভগীয়া পত্নীৰ বাবে । লাহে লাহে পত্নীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে স্বামীয়ে ।

ইফালে বিজয়েন্দ্ৰ মৌৰ্য প্ৰথমে অধিবক্তা নাছিল । পত্নী আৰু পত্নীৰ পৰিয়ালৰ প্ৰচেষ্টাৰ লগতে আৰ্থিক সহায়ত অৱশেষত অধিবক্তা হ'লগৈ মৌৰ্য । এই ক্ষমতাই এসময়ত মূৰত ধৰিলে অধিবক্তা বিজয়েন্দ্ৰ মৌৰ্যৰ । পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে পত্নীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা আৰম্ভ কৰিলে অধিবক্তা স্বামীয়ে (Domestic violence in Digboi)।

কেৱল এয়াই নহয় আগৰ পত্নীৰ সৈতে আইনীভাৱে বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে ল'ৰা সন্তানৰ আশাত অধিবক্তা বিজয়েন্দ্ৰ মৌৰ্যে দ্বিতীয় বিবাহপাশত আৱদ্ধ হ'ল । সম্প্ৰতি দ্বিতীয় পত্নীৰ দুটা পুত্ৰ সন্তান আছে ।

ইয়াৰ বিপৰীতে প্ৰথমা পত্নীয়ে কন্যা সন্তান জন্ম দিয়াৰ বাবে বছৰ বছৰ ধৰি নিৰ্যাতন চলাই আহিছে স্বামীয়ে । ইয়াৰ মাজতে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে দ্বিতীয় এগৰাকীক বিয়া কৰোৱা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে গোচৰ দিছিল । কিন্তু আইনী সুৰুঙাৰ মাজেৰে অধিবক্তা স্বামী বিজয়েন্দ্ৰ ৰক্ষা পৰে ।

অৱশেষত পত্নীক গুৰুলা-গুৰুলকৈ মাৰপিট কৰা সকলো তথ্য প্ৰমাণ লৈ পুনৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাৰ পৰিয়ালটো । সমগ্ৰ ঘটনাই এতিয়া ডিগবৈৰ নাজিৰাটিঙৰ লগতে মহিলাগৰাকীৰ পিতৃৰ বাসগৃহ ডিব্ৰুগড়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কন্যা সন্তানৰ সুৰক্ষাৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ আইন বলৱৎ কৰা হৈছে । চৰকাৰেও এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে 'বেটী বচাও, বেটী পঢ়াও'ৰ (Beti Bachao Beti Padhao) দৰে বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছে । কিন্তু তাৰ মাজতে এগৰাকী অধিবক্তাৰ এনে কাৰ্যত এতিয়া লজ্জানত হৈছে সভ্য সমাজ । আইনৰ ৰক্ষকে যদি এই ধৰণৰ দুষ্কাৰ্যত লিপ্ত হয় তেনেহ'লে তেওঁলোকে আইনৰ পাঠ কেনেদৰে শিকাব সাধাৰণ ৰাইজক ।

লগতে পঢ়ক :Mumbai rape case: পাঁচ বছৰ পূৰ্বে মহাৰাষ্ট্ৰত ধৰ্ষণকাণ্ড সংঘটিত কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ

Last Updated :Apr 4, 2023, 5:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.