ETV Bharat / state

ডিব্ৰুগড়ত উন্মোচন ড৹ নগেন শইকীয়াৰ প্ৰতিমূৰ্তি

author img

By

Published : Nov 10, 2021, 8:22 PM IST

ড৹ ভূপেন হাজৰিকাৰ পাচতেই জীৱিত কালত এইবাৰ এক বিশেষ সন্মান আগবঢ়োৱা হয় শিক্ষাবিদ ড৹ নগেন শইকীয়াক ৷ কথা সাহিত্যিক তথা মিত ভাষৰ স্ৰষ্টালৈ প্ৰহৰীৰ যথোচিত সন্মান ৷ জীৱিত কালতেই ড৹ নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ডিব্ৰুগড়ত ৷

augurated the statue of Dr Nagen Saikia
ডিব্ৰুগড়ত উন্মোচন ড৹ নগেন শইকীয়াৰ প্ৰতিমূৰ্তি

ডিব্ৰুগড়, 10 নৱেম্বৰ : প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়ালৈ এক বিশেষ সন্মান প্ৰদান প্ৰহৰীৰ ৷ ড৹ ভূপেন হাজৰিকাৰ পাচতেই জীৱিত কালত এইবাৰ এই বিশেষ সন্মান আগবঢ়োৱা হয় শিক্ষাবিদ ড৹ নগেন শইকীয়াক ৷ ডিব্ৰুগড়ত উন্মোচন কৰা হয় প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ দুটা কার্যকালৰ প্ৰাক্তন সভাপতি তথা মিত ভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়াৰ পূৰ্ণাংগ ব্ৰঞ্জৰ মূৰ্তি

ডিব্ৰুগড় নগৰ সৌন্দর্যবর্ধন আৰু ঐতিহ্য সংৰক্ষণ সমিতি প্ৰহৰীৰ উদ্যোগত চহৰখনৰ চৌকিডিংগীস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানত স্থাপন কৰা হয় সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তিটো ৷ বুধবাৰে বিশিষ্ট শিক্ষাবিদগৰাকীৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাহিত্য অকাডেমিৰ সচিব ডি.কে. শ্ৰীনিবাস ৰাৱে । আনহাতে, সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন উপলক্ষে চহৰখনৰ ডি আৰ ডি এৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক মনোজ্ঞ উন্মোচনী অনুষ্ঠানো ।

ডিব্ৰুগড়ত উন্মোচন ড৹ নগেন শইকীয়াৰ প্ৰতিমূৰ্তি

সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰযোজিত সঞ্জীৱ পৰাশৰৰ ৰচিত তথ্যচিত্ৰ নগেন শ‍ইকীয়া প্ৰদৰ্শনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড৹ কন্দপ কুমাৰ ডেকা, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সম্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে । উন্মোচনী অনুষ্ঠানতে প্ৰকাশিত এখন গ্ৰন্থও উন্মোচন কৰে জিলা উপায়ুক্তগৰাকীয়ে ।

উল্লেখ্য যে, সুধাকন্ঠ ড ভূপেন হাজৰিকাৰ পাচতে জীৱিত কালতে এগৰাকী বৰেণ্য ব্যক্তি, সু-সাহিত্যিক তথা অধ্যাপক নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই ৷ প্ৰায় ১১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণত ব্যয় হৈছে প্ৰায় ২৫ লাখ টকা । অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে বুধবাৰে ড৹ নগেন শইকীয়াই নিজৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে । তেখেতৰ পৰিয়ালৰ হৈ এই অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ অৰ্ধাংগিনী লাৱণ্য শইকীয়া ।

লগতে পঢ়ক : ক'ভিডৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ বিশেষ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.