ETV Bharat / state

Hanuman Jayanti 2023; পাঠ্যপুথিৰ পৰা মোগল সম্ৰাজ্যৰ কথা বহু বছৰ আগতেই আঁতৰাব লাগিছিল : সত্যৰঞ্জন বৰা

author img

By

Published : Apr 6, 2023, 11:01 PM IST

ৰাজ্য তথা দেশজুৰি বৃহস্পতিবাৰে পালন কৰা হয় হনুমান জন্মোৎসৱত (Hanuman Jayanti 2023)৷ ৰাজ্য তথা দেশৰ বিন্ন প্ৰান্তৰ লেখীয়াকৈ ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে আয়োজন কৰা হনুমান জন্মোৎসৱ (Hanuman Jayanti 2023 celebrated in Dibrugarh) ৷ এই উৎসৱত অংশ লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই (Satya Ranjan Borah in Dibrugarh)৷

Hanuman Jayanthi 2023
ডিব্ৰুগড়ত উপস্থিত হয় বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

ডিব্ৰুগড়ত উপস্থিত হয় বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

ডিব্ৰুগড়, 6 এপ্ৰিল : বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা (Satya Ranjan Borah in Dibrugarh) । ডিব্ৰুগড়ত উপস্থিত হৈ হিন্দু ক্ৰান্তি দলে আয়োজন কৰা হনুমান জন্মোৎসৱত অংশগ্ৰহণ কৰে সত্যৰঞ্জন বৰাই । হাজাৰ হাজাৰ লোকৰ লগতে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ উপস্থিতিত জয় শ্ৰী ৰাম ধ্বনি দি বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় সমগ্ৰ ডিব্ৰুগড় চহৰত (Hanuman Jayanti 2023 celebrated in Dibrugarh)।

উল্লেখ্য যে, বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ হিন্দু ক্ৰান্তি দলে আয়োজন কৰা হনুমান জন্মোৎসৱত হাজাৰ হাজাৰ লোকে পথৰ মাজত শোভাযাত্ৰা কৰি ডিজে বজাই পশ্চিমীয়া গীতৰ তালে তালে উন্মাদ নৃত্য কৰা পৰিলক্ষিত হয় (Hanuman Jayanti 2023) । এই হনুমান জন্মোৎসৱত অংশগ্ৰহণ কৰি সত্যৰঞ্জন বৰাই কয়, ‘‘হনুমান জন্ম জয়ন্তীয়ে সমাজত থকা ৰাৱণৰ দৰে মহিলাৰ সতীত্ব হনন কৰা লোকৰ বিৰুদ্ধে সকলোকে শক্তিশালী হোৱাত সহায় কৰে’’ ।

লগতে পঢ়ক : Hanuman Jayanti 2023: শনিৰ বক্ৰদৃষ্টিৰ পৰা মুক্তি পাবলৈ হনুমান জয়ন্তীৰ দিনা কৰক এই কাম

লগতে চৰকাৰে NCERT ৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা মোগল সাম্ৰাজ্যৰ অধ্যায় নাইকিয়া কৰিব খোজা সিদ্ধান্তক আদৰণি জনাই হিন্দুত্ববাদী নেতাগৰাকীয়ে । সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘পাঠ্যপুথিত মোগল সম্ৰাজ্যৰ কথা থাকি কি লাভ । চৰকাৰে আগতেই নোহোৱা কৰিব লাগিছিল । এতিয়াও বহু পলম হৈছে’’ ৷ তেওঁ আৰু কয়, ‘‘হিন্দু সভ্যতা আৰু সংস্কৃতি ৰক্ষাত মোগলৰ কোনো অৱদান নাই । আজি ছাত্ৰ-ছাত্ৰীয়ে মোগলৰ বিষয়ে জানি একো লাভাম্বিত হ’ব নোৱাৰে । ইয়াৰ সলনি অন্য বহু বিষয় জানিব লগা আছে’’ ৷

উল্লেখ্য যে, প্ৰতি বছৰে চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় হনুমান জয়ন্তী । এইবাৰ এই উৎসৱ ৬ তাৰিখ অৰ্থাৎ আজি উদযাপন কৰা হৈছে । এই উৎসৱ হিন্দু ধৰ্মৰ বাবে অতি বিশেষ দিন হিচাবে বিবেচিত ৷ কিয়নো এই দিনটোত ৰামভক্ত হনুমানৰ জন্ম হৈছিল । হনুমান জয়ন্তীৰ দিনা বজৰংগবলীক যথাযথভাৱে পূজা কৰিলে সংকটৰ পৰা মুক্তি পাব পাৰে বুলি জনবিশ্বাস আছে ৷

লগতে পঢ়ক : BJP foundation day : বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.