ETV Bharat / state

Gaurab Gogoi visited AMCH : নাগালেণ্ডৰ ঘটনাত আঘাতপ্ৰাপ্তৰ ল’লে খবৰ

author img

By

Published : Dec 9, 2021, 12:15 PM IST

Gaurab Gogoi visited AMCH
AMCH ত মাজ নিশা সাংসদ গৌৰৱ গগৈ

ডিব্ৰুগড়ৰ AMCH ত বুধবাৰে মাজনিশা উপস্থিত হয় সাংসদ গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ এটি দল (Gaurab Gogoi visited AMCH) ৷ নাগালেণ্ডৰ ঘটনাত আঘাতপ্ৰাপ্ত দুই যুৱকৰ স্বাস্থ্যৰ বুজ লৈ কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

মৰাণ, 9 ডিচেম্বৰ : বুধবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Assam Medical College and hospital) ত উপস্থিত হয় কংগ্ৰেছৰ এটা প্ৰতিনিধি দল ৷ কংগ্ৰেছৰ এই প্ৰতিনিধি দলটোত আছে সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক আৰু মণিপুৰ কংগ্ৰেছৰ তত্বাৱধায়কৰ নেতৃবৃন্দ ৷ নাগালেণ্ডৰ মন জিলাত সংঘটিত বৰ্বৰ গুলীচালনাৰ ঘটনাত আহত হোৱা ব্যক্তিসকলক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় কংগ্ৰেছৰ এটা প্ৰতিনিধি দলটো (Gaurab Gogoi visited AMCH) ।

Gaurab Gogoi visited AMCH
AMCH ত মাজ নিশা সাংসদ গৌৰৱ গগৈ

প্ৰকৃততে নাগালেণ্ডৰ মন জিলালৈ ৰাওনা হৈছিল কংগ্ৰেছৰ এই প্ৰতিনিধিৰ দলটো । কিন্তু যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত প্ৰশাসনে ঘটনাস্থলীলৈ যাবলৈ বাধা প্ৰদান কৰাত (Security forces have trapped Jitendra Singh) এই কাৰ্যসূচী বাতিল কৰিবলগীয়া হয় কংগ্ৰেছৰ দলটোৱে । অৱশেষত উপায়ন্তৰ হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক সাক্ষাৎ কৰিবলৈ আহে কংগ্ৰেছৰ প্ৰতিনিধি দলটো ।

কিন্তু অসম চিকিৎসা মহাবিদ্যালয়তো অসম আৰক্ষীৰ বাধাৰ সন্মুখীন হ’ব লগা হয় কংগ্ৰেছৰ দলটোৱে ৷ মন জিলাত সংঘটিত বৰ্বৰ গুলীচালনাৰ ঘটনাত আহত হোৱা ব্যক্তিসকলক সাক্ষাৎ কৰিবলৈ বাধা প্ৰদান কৰাত ক্ষোভিত হৈ পৰে কংগ্ৰেছৰ প্ৰতিনিধি দলটো ৷ যাৰ ফলত উপায়ন্তৰ হৈ সাংসদ গৌৰৱ গগৈ (MP Gaurab Gogoi) ৰ সহিতে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা স্বাস্থ্যৰ বুজ লয় আঘাতপ্ৰাপ্ত দুই ব্যক্তিৰ ।

AMCH ত মাজ নিশা সাংসদ গৌৰৱ গগৈ

উল্লেখ্য যে, ঘটনাৰ নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল মন জিলাৰ বৰ্বৰ গুলীচালনাৰ ঘটনাত আঘাতপ্ৰাপ্ত দুজন ক্ৰমে ৩০ বছৰীয়া জাৰ্গ কন্যাক আৰু ২৩ বছৰীয়া চাইলং কন্যাক । আঘাতপ্ৰাপ্ত দুয়োজন লোকে কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল ।

লগতে পঢ়ক : ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.