ETV Bharat / state

G20 Summit: ডিব্ৰুগড়ত G20 সন্মিলনৰ প্ৰতিনিধিক উষ্ম আদৰণি

author img

By

Published : Mar 23, 2023, 6:30 PM IST

G20 সন্মিলনক লৈ ডিব্ৰুগড়ত তৎপৰতা বৃদ্ধি প্ৰশাসনৰ ৷ ইতিমধ্যে জিলাখনত উপস্থিত হৈছে 29 খন ৰাষ্ট্ৰৰ 103 গৰাকী প্ৰতিনিধি ৷ শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই বৈঠক (G20 summit in Dibrugarh) ৷

G20 delegations arrive in Dibrugarh
G20 summit in Dibrugarh

ডিব্ৰুগড়ত G20 সন্মিলনৰ প্ৰতিনিধিক উষ্ম আদৰণি

ডিব্ৰুগড়, 23 মাৰ্চ: ডিব্ৰুগড়ত অহা 24 আৰু 25 মাৰ্চত অনুষ্ঠিত হ’ব G20 সন্মিলন । সেই অনুসৰি বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈছেহি G20ৰ প্ৰতিনিধি‌সকল । জিলাখনৰ মোহনবাৰী বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় 29 খন ৰাষ্ট্ৰৰ পৰা অহা প্ৰতিনিধিসকলক । ডিব্ৰুগড় মনোহাৰী টী ৰিট্ৰিউটত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় G20 সন্মিলন (G20 summit in Dibrugarh) ৷

এই সন্মিলনত অংশগ্ৰহণৰ বাবে 20 খন সদস্য ৰাষ্ট্ৰ আৰু আন 9 খন আমন্ত্ৰিত ৰাষ্ট্ৰৰ মুঠ 103 গৰাকী প্ৰতিনিধি উপস্থিত হৈছেহি ডিব্ৰুগড়ত । জনগোষ্ঠীয় নৃত্য তথা অসমৰ বিহু নৃত্যৰে ঢোলে-দগৰে জিলা প্ৰশাসনে আদৰণি জনালে ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি সকলক । লগতে সকলোকে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু জাপিৰে সম্ভাষণ জনোৱা হয় ৷ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আয়োজন কৰা এই দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত 20 খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপৰিও 9 খন ৰাষ্ট্ৰই আমন্ত্ৰিত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিব (G20 delegations arrive in Dibrugarh) ।

মনোহাৰী টী ৰিট্ৰিটত হ'বলগীয়া সন্মিলনখনৰ প্ৰথমদিনা 6 খনকৈ বৈঠক অনুষ্ঠিত হ'ব । তদুপৰি প্ৰতিনিধিসকলৰ বাবে ডিব্ৰুগড়ৰ চাহ বাগিচা পৰিভ্ৰমণৰ কাৰ্যসূচীও লোৱা হৈছে । দ্বিতীয় দিনা সন্ধিয়া বগীবিলত আয়োজন কৰিছে নৈশ ভোজ । ইয়াতেই বগীবিলৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব বিভিন্ন দেশৰ প্ৰতিনিধিসকলে । ইতিমধ্যে G20 বৈঠকৰ বাবে সজাই পৰাই তোলা হৈছে ডিব্ৰুগড় জিলাক (Dibrugarh gets ready for G20 summits) ৷

লগতে পঢ়ক: Guwahati AIIMS Inauguration : ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী এইম

উল্লেখযোগ্য যে, বিশ্ব অৰ্থনীতিত সন্মুখীন হোৱা সমস্যাকে ধৰি গোলকীয় উষ্ণতা বৃদ্ধি, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, বহনক্ষম উন্নয়ন আদি বিষয়ৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছে G20 সন্মিলন । G20 ৰ অন্তৰ্গত সদস্য 20 খন দেশ হ’ল- আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউৰোপীয়ান ইউনিয়ন । প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা G20 সন্মিলন নেতৃত্ব প্ৰদান কৰিছে ভাৰতে (Members of G20) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.