ETV Bharat / state

মৰাণৰ কোটোহাত গঁড়ৰ মুক্ত বিচৰণ

author img

By

Published : Jun 30, 2021, 7:25 PM IST

মৰাণৰ কোটোহাত গঁড়ৰ মুক্ত বিচৰণ ৷ মুকলি পথাৰত গঁড় দেখি আতংকিত গাঁৱবাসী ৷ মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰিছে গঁড়টো । কিছুদিনৰ পৰা এটা গঁড়ে মৰাণ সমষ্টিৰ এই অঞ্চলকেইটাত মুক্ত বিচৰণ কৰি ফুৰাৰ দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে ।

Rhino at moran
মৰাণৰ কোটোহাত গঁড়ৰ মুক্ত বিচৰণ

মৰাণ, 30 জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে যথেষ্ট ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে ৷ বন সুৰক্ষা তথা মানৱজাতিৰ অৱহেলাৰ বাবেই এতিয়া চাৰিওফালে বন ধ্বংস যজ্ঞ আৰম্ভ হৈছে ৷

কাজিৰঙাত পোৱা অসমৰ আপুৰুগীয়া সম্পদ গঁড় ৷ এই গঁড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গঁড় । উল্লেখ্য যে, কিছুদিনৰ পৰা এটা গঁড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে ।

আজি পৰ্যন্ত মৰাণৰ কোটোহা ভগামূৰত গঁড়টোৱে মুক্তভাৱে ঘূৰি ফুৰা দৃশ্য প্ৰত্যক্ষ কৰে ৰাইজে । গঁড় দেখি আতংকিত হৈ পৰিছে সমগ্ৰ গাঁৱবাসী । স্থানীয় কেইজনমান লোকে গাঁৱখনৰ এটা নামঘৰৰ সমীপত গঁড়টো প্ৰত্যক্ষ কৰে ৷

মৰাণৰ কোটোহাত গঁড়ৰ মুক্ত বিচৰণ

পিছত বহু লোকে গঁড়টো চাবলৈ অহা দেখি সেই ঠাই এৰি পলায়ন কৰে গঁড়টোৱে । ইপিনে বন বিভাগৰ লোকে গঁড়টোৰ সন্ধানত নামি পৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । খোৱাং আঞ্চলিক বন বিষয়া কে হানচেয়ে জানিবলৈ দিয়া অনুসৰি গঁড়টো ওচৰৰে মধুপুৰ বনাঞ্চলত আশ্ৰয় লৈ আছে আৰু মানুহ দেখিলেই পলায়ন কৰে ৷

আজি কিছুদিন ধৰি কাজিৰঙাৰ পৰা আহি গঁড়টোৱে মধুপুৰ বনাঞ্চলৰ আশে-পাশে বিচৰণ কৰি আছে ৷ ডিব্ৰুগড় বন সংমণ্ডল আৰু খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ যুটীয়া অভিযানত গঁড়টো ধৰিবলৈ অভিযান চলাই আছে ৷ কিন্তু আজি পৰ্যন্ত গঁড়টো ধৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে গঁড় ধৰিবলৈ গুৱাহাটীৰ পৰা পিঞ্জৰা আৰু দুবাৰকৈ বিশেষজ্ঞৰ দল অনা হৈছে যদিও গঁড়টো ধৰাত ব্যৰ্থ হৈছে বন বিভাগ ।

Rhino at moran
মৰাণৰ কোটোহাত গঁড়ৰ মুক্ত বিচৰণ

ইয়াৰ পূৰ্বে বহু ঠাইত গঁড়ৰ মুক্ত বিচৰণৰ ঘটনা ঘটিছিল ৷ ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে সমগ্ৰ অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰিছিল চতিয়াত ৷ জানিব পৰা মতে, চতিয়াৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় সমীপৰ এটা পুখুৰীত গঁড়টোৱে জিৰণি লয় ৷ ইয়াৰ পিছতে পানীৰ মাজত জিৰণি লোৱা গঁড়টোক চাবলৈ লোকে লোকাৰণ্য হৈ পৰে অঞ্চলটো ৷

মাজুলীটো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ৰ মুক্ত বিচৰণ হৈছিল মাজুলী দক্ষিণপাট কুমাৰ গাঁৱত । পুৱা স্থানীয় লোকে ৰাজপথৰ কাষত প্ৰত্যক্ষ কৰে গঁড়টো । গঁড়ৰ মুক্ত বিচৰণত শংকিত হৈ পৰিছে স্থানীয় লোক । উল্লেখ্য যে, খাদ্যৰ সন্ধানতেই এনেদৰে বন্যপ্ৰাণীসমূহ জনাঞ্চললৈ অহা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক: হেল নৈৰ পাৰ বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.