ETV Bharat / state

Dr Sukh Baruah passes away: স্তব্ধ হৈ ৰ’ল তেওঁৰ কলম; চিৰদিনৰ বাবে বিদায় মাগিলে ড৹ সুখ বৰুৱাই

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:00 AM IST

Ex secretary of Asom Lekhika samarooh Dr Sukh Baruah
সাহিত্যিক ড৹ সুখ বৰুৱাৰ দেহাৱসান

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, শিক্ষাবিদ, সাহিত্যিক ড৹ সুখ বৰুৱাৰ দেহাৱসান ৷ মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ড৹ সুখ বৰুৱাৰ মৃত্যুত শোকস্তব্ধ মৰাণবাসী ৷

সাহিত্যিক ড৹ সুখ বৰুৱাৰ দেহাৱসান

মৰাণ, ৪ ছেপ্টেম্বৰ : অসম চৰকাৰৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰাপক, সাহিত্যিক পেন্সন প্ৰাপ্ত বিশিষ্ট লেখিকা, শিক্ষাবিদ তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড৹ সুখ বৰুৱা আৰু নাই । বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া, ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ড৹ সুখ বৰুৱাৰ দেওবাৰে মৰাণ ঊষাপুৰস্থিত নিজা বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ ।

১৯৪৬ চনৰ ৩১ ডিচেম্বৰত শিৱসাগৰ জিলাৰ বেতবাৰীত জন্মগ্ৰহণ কৰিছিল ড৹ সুখ বৰুৱাই ৷ ১৯৬৮ চনত তেওঁ বেতবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ ১৯৭৩ চনত মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সহঃ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰা সুখ বৰুৱাই ১৯৯২ চনত মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা হিচাপে যোগদান কৰে ৷

২০১৩ বৰ্ষলৈকে শিক্ষানুষ্ঠানখনৰ দায়িত্বত থকা সুখ বৰুৱা মৰাণ অঞ্চলৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল ৷ একেদৰে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰীৰ দায়িত্বত আছিল সুখ বৰুৱা ৷ লগতে তেওঁ অসম সাহিত্য সভা, সদৌ অসম মহিলা কবি মঞ্চ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, মৰাণ আঞ্চলিক মহিলা মঞ্চ আদিৰ সৈতেও জড়িত আছিল ৷

সমান্তৰালভাৱে কেইবাখনো কবিতা, গল্প, প্ৰৱন্ধ সংকলন, জীৱনীমূলক গ্ৰন্থ লিখিছিল ড৹ সুখ বৰুৱাই ৷ ড৹ বৰুৱাই ২০১৩ চনত অসম চৰকাৰৰ সাহিত্য বঁটা, ২০১৪ চনত সাহিত্যিক পেন্সন, ২০১৫ চনত অসম চৰকাৰৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, ২০১৭ চনত টাই আহোম যুৱ পৰিষদৰ দ্বাৰা বীৰাংগনা মূলাগাভৰু বঁটা লাভ কৰিছিল ৷

প্ৰগতিশীল নাৰীবাদী লেখিকা, সমাজকৰ্মী হিচাপেও সুনাম থকা ড৹ সুখ বৰুৱাৰ মৃত্যুত মৰাণত গভীৰ শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : Satradhikar Banamali Goswami passes away :ধেমাজিৰ শিক্ষাবিদ-সত্ৰাধিকাৰ বনমালী গোস্বামীৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.