ETV Bharat / state

পাৰিবাৰিক সংঘাত: নিজ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে

author img

By

Published : Jun 29, 2021, 10:26 PM IST

মৰাণত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ এটা পৰিয়ালৰ দুই ভাতৃৰ মাজত দীৰ্ঘদিনৰ পৰা চলি মাটি-বাৰীৰ সংঘাত ৷ এই সংঘাতৰ চৰম পৰিণতি হিচাপে ভাতৃৰ হাতত মৃত্যু ঘটিল ককায়েকৰ ৷

Elder brother killed by his brother
পাৰিবাৰিক সংঘাত: নিজ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে

মৰাণ, 19 জুন : এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মৰাণ অঞ্চল ৷ পাৰিবাৰিক সংঘাতৰ বাবে কণিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ ৷ সোমবাৰে নিশা তিলৈ নগৰ গ্ৰাম্য বজাৰৰ ১০৮ নং খোৱাং গ্ৰাণ্ট গাঁৱৰ মংগল সিং ৰাজপুতৰ কণিষ্ঠ পুত্ৰ বিকাশ ৰাজপুত (২৭) য়ে জ্যেষ্ঠ ভাতৃ শংকৰ ৰাজপুত (৪৮)ক ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত মৃত্যুক সাৱটি লয় শংকৰ ৰাজপুতে ৷

নিজ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ

স্থানীয় লোকে সদৰী কৰা মতে, দুই ভাতৃৰ মাজত দীৰ্ঘদিনৰ পৰা মাটি-বাৰীক কেন্দ্ৰ কৰি সংঘাত চলি আছিল ৷ সেই সংঘাতৰ ফলতে ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে 48 বছৰীয়া শংকৰ ৰাজপুতে ৷ মৰাণ আৰক্ষী থানাত খবৰ দিয়াত ভাৰপ্ৰাপ্ত বিষয়া দীননাথ মিলিৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় ৷ ইতিমধ্যে হত্যাকাৰী বিকাশ ৰাজুপুতক মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.