Sarbananda Sonowal at sonari : সাংসদ তপন গগৈৰ মাতৃ বিয়োগৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Nov 21, 2021, 9:54 AM IST

Updated : Nov 21, 2021, 10:31 AM IST

ex-cm-sarbananda-sonowal-pays-tribute-to-mother-of-mp-tapan-gogoi
সাংসদ তপন গগৈৰ ঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ()

মাতৃ বিয়োগ ঘটিছে সাংসদ তপন গগৈ (MP Tapan Gogoi)ৰ ৷ শোকসন্তপ্ত পৰিয়ালৰ খবৰ লোৱাৰ উদ্দেশ্যে শনিবাৰে তেওঁৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at sonari) ৷

মৰাণ, 21 নৱেম্বৰ : কিছুদিন পূৰ্বে মাতৃ বিয়োগ ঘটিছে সাংসদ তপন গগৈ(MP Tapan Gogoi)ৰ ৷ সাংসদগৰাকীৰ খবৰ লোৱাৰ উদ্দেশ্যে শনিবাৰে তেওঁৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Ex CM Sarbananda Sonowal) ৷

ex-cm-sarbananda-sonowal-mp-tapan-gogois-home-to-pay-tribute-to-his-mother
পুষ্প অৰ্পণেৰে যাঁচিলে শ্ৰদ্ধা

চৰাইদেউৰ সোণাৰিস্থিত বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ সাংসদগৰাকীৰ প্ৰয়াত মাতৃৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তদুপৰি সাংসদ গগৈৰ মাতৃ সৰুমাই গগৈৰ বিয়োগৰ বাবে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

সাংসদ তপন গগৈৰ ঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল(Ex CM Sarbananda Sonowal) ৰ সৈতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, লাহোৱালৰ প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা আদিৰ লগতে একাংশ দলীয় কৰ্মকৰ্তা ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একালৰ ছাত্ৰ সন্থাৰ সতীৰ্থ আছিল বৰ্তমানৰ যোৰহাট লোকসভা সমষ্টি(Jorhat LAC) ৰ সাংসদ তপন গগৈ ৷

ex-cm-sarbananda-sonowal-mp-tapan-gogois-home-to-pay-tribute-to-his-mother
সাংসদ তপন গগৈৰ মাতৃ বিয়োগ

লগতে চাওক: Kobu chapori flood : জোনাইত উদ্ধাৰ সুগৰী পহু

Last Updated :Nov 21, 2021, 10:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.