ETV Bharat / state

মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান

author img

By

Published : Jan 2, 2022, 5:17 PM IST

duliajan-is-being-ready-to-welcome-cm-himanta-before-sps-conference-in-duliajan
মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান

মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান ৷ সোমবাৰে মুখ্যমন্ত্ৰীৰ লগতে ১২৬ গৰাকী উচ্চপদস্থ বিষয়াসহ দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ সন্মিলন (SP's conference in Duliajan) ৷

মৰাণ, 2 জানুৱাৰী : মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান । বিভিন্ন বাট-পথ সুন্দৰকৈ সজাই তোলাৰ লগতে ৰাজ্যৰ আৰক্ষী অধীক্ষক সকল আৰু মুখ্যমন্ত্ৰীক আদৰাৰ বাবে সাজু কৰি তোলা হৈছে নগৰখন (Duliajan is being ready to welcome CM) ৷ চৌদিশে গঢ়ি তোলা হৈছে নিছিদ্ৰ নিৰাপত্তা বেষ্টনী । সোমবাৰৰ পৰা দুদিনীয়াকৈ দুলীয়াজানৰ জালনী ক্লাৱত অনুষ্ঠিত হ'ব ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ সন্মিলন (SP's conference in Duliajan) । এই সন্মিলনত উপস্থিত থাকিব ১২৬ জন আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ।

মিনি দিছপুৰত পৰিণত হৈছে তৈল নগৰী দুলীয়াজান

মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুলীয়াজানত অনুষ্ঠিত হ'ব লগা এই সন্মিলনখনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে (Assam CM to attend SP's conference in Duliajan) । এই সকলো ব্যৱস্থাপনাৰ তদাৰক কৰিছে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে (Dibrugarh DC Bishwajit Pegu) ৷ জানিব পৰা মতে, বিভিন্ন জিলাৰ পৰা আহিবলগীয়া আৰক্ষী বিষয়া সকলৰ থকাৰ সু-ব্যৱস্থা কৰা হৈছে । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বহু কেইখন আগশাৰীৰ হোটেল, দুলীয়াজানৰ অইল অতিথি শালা আদিত ইতিমধ্যে আৰক্ষী বিষয়াসকল উপস্থিত হৈছে ।
লগতে পঢ়ক : CM to visit Sasoni Merbil Eco Tourism Park : মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মেৰবিলত প্ৰশাসনৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.