ETV Bharat / state

Dr. Nagen Saikia: আছুক AGPৰ লগত তুলনা সাহিত্যক ড৹ নগেন শইকীয়াৰ

author img

By

Published : Jul 22, 2023, 6:21 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আছুৱে গ্ৰহণ কৰা ভূমিকাক অত্যন্ত সন্দেহজনক আখ্যা সাহিত্যিক ড০ নগেন শইকীয়াৰ ৷ ড৹ হীৰেন গোহাঁইক কোন বুলি কোৱা জন কোন ? তেওঁৰ স্থিতি কি ! তেওঁৰ পৰিচয় কি ! এইবোৰ দেখি দুখ পাইছো ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ প্ৰতিক্ৰিয়া ৷

Dr Nagen Saikia
আছুক AGPৰ লগত তুলনা সাহিত্যক ড০ নগেন শইকীয়াৰ

আছুক AGPৰ লগত তুলনা সাহিত্যক ড০ নগেন শইকীয়াৰ

ডিব্ৰুগড়, 22 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আজিও ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । বিৰোধী ৰাজনৈতিক দলসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাৰ বিপৰীতে আছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনোৱাৰ পাচতেই ৰাজ্যৰ সচেতন মহলতে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আছুৰ স্থিতিৰ বিৰুদ্ধে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, বসন্ত ডেকাৰ পিচত এইবাৰ মুখ খুলিছে ৰাজ্যৰ আন এজন প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই।

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আছুৱে গ্ৰহণ কৰা ভূমিকাক অত্যন্ত সন্দেহজনক বুলি কৈ অসম গণ পৰিষদৰ দৰে আছুৱেও চৰকাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে সাহিত্যিক ড৹ নগেন শইকীয়াই।

তেওঁ কয়, ‘‘যেতিয়া সকলোৱে মাত মাত মাতিছে, তেতিয়া কিয় নিশ্চুপ আছিলা, এতিয়াহে কেনেকৈ সাৰ পালা বুলি মই আছুৰ কেইজনমান সদস্যক প্ৰশ্ন কৰিছিলো ৷ আছুৰ প্ৰতি মোৰ বিশ্বাস আছিল ৷ কিন্তু অসম গণ পৰিষদৰ দৰে আছুৱেও চৰকাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে ৷ চৰকাৰে ভাল কাম কৰিছে তাত সমৰ্থন কৰক ৷ কিন্তু ৰাইজ, দল-সংগঠনে বিৰোধিতা কৰা এনে বিষয়ত আছুৱে চৰকাৰক এক প্ৰকাৰ সমৰ্থন কৰাৰ দৰে ভূমিকাত মই দুখ পাইছো ৷’’

ড৹ শইকীয়াই অসমৰ এজন মন্ত্ৰীয়ে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ সন্দৰ্ভত কৰা মন্তব্য প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় ‘‘অসমৰ এজন মন্ত্ৰীয়ে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইক কোন বুলি প্ৰশ্ন কৰাতো অতি দুৰ্ভাগ্যজনক ৷ তেওঁ লগত আদৰ্শগত বাবে মোৰ পাৰ্থক্য থাকিব পাৰে ৷ কিন্তু ড৹ গোহাঁইৰ অসমীয়া ভাষা সাহিত্যলৈ যি অৱদান, সেই কাম তেওঁৰ দৰে সমান এজন পণ্ডিতৰ পৰা পাবলৈ কঠিন ৷ তেনে ক্ষেত্ৰত তেওঁক ‘কোন’ বুলি কোৱা জন কোন ? তেওঁৰ স্থিতি কি ! তেওঁৰ পৰিচয় কি ! সেই কথাই মোক দুখ দিছে ৷’’ মই ভাবো জনসমৰ্থন লৈ চৰকাৰ কোনে গঠন কৰে কৰক ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে এনে কাণ্ডই কি সূচাই !’’

লগতে পঢ়ক:Lurinjyoti Gogoi: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী প্ৰীতি আছে; লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.