ETV Bharat / state

Dibrugarh Women self reliant story: নিমকী ব্যৱসায়েৰে স্বাৱলম্বী হোৱা ডিব্ৰুগড়ৰ দুগৰাকী কৰ্মোদ্যমী যুৱতী

author img

By

Published : Mar 4, 2023, 1:21 PM IST

ডিব্ৰুগড়ৰ দুগৰাকী কৰ্মোদ্যমী যুৱতী ৷ আজি তেওঁলোক সকলোৰে বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷ মাত্ৰ 90 টকা মূলধনেৰে আৰম্ভ কৰা এটি ব্যৱসায়, আজিৰ দিনত তেওঁৱলোকৰ মাহিলী উপাৰ্জন লাখ টকাৰো অধিক (Dibrugarh Women become self reliant by Namak para) ৷

Dibrugarh Women self reliant story
ডিব্ৰুগড়ৰ দুগৰাকী কৰ্মোদ্যমী যুৱতী

ডিব্ৰুগড়ৰ দুগৰাকী কৰ্মোদ্যমী যুৱতী

ডিব্ৰুগড়, 4 মাৰ্চ : ডিব্ৰুগড় চহৰৰ দুগৰাকী উদ্যমী যুৱতী । যুৱতী দুগৰাকীৰ নাম ক্ৰমে গীতাঞ্জলি শইকীয়া আৰু শিবানী শইকীয়া । এই দুই যুৱতীৰ আদৰ্শমূলক কাম-কাজৰ বাবে এতিয়া সমগ্ৰ ডিব্ৰুগড় চহৰত সৰব চৰ্চা লাভ কৰা দেখা গৈছে । কেৱল মাত্ৰ 90 টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰা এই দুই যুৱতীৰ বৰ্তমানৰ মাহিলী উপাৰ্জন হৈছে প্ৰায় দুই লাখ টকা (Dibrugarh Women become self reliant by Namak para) ।

পৰিয়ালৰ আৰ্থিক দৈন্যতা স্বত্তেও কেৱল মাত্ৰ 90 টকা মূলধন হিচাপে লৈ 2019 চনৰ 3 মাৰ্চত দুই যুৱতীয়ে আৰম্ভ কৰিছিল ‘‘চিনাকি ফুট প্ৰডাক্ট’’ নামৰ এটি ক্ষুদ্ৰ ব্যৱসায় । প্ৰথমে ঘৰতে খোৱা নিমকিৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল । মাতৃ মিনতি শইকীয়া আৰু মোমায়েক অজয় ৰাজখোৱাৰ প্ৰৱল উৎসাহ আৰু সাহসৰ বাবে আজি এই দুইগৰাকী যুৱতীয়ে তেওঁলোকৰ ব্যৱসায় দুগুণে বৃদ্ধি কৰি এতিয়া নতুন প্ৰজন্মৰ বাবে এক পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক : Strawberry farming in Tinsukia : ষ্ট্ৰ'বেৰী খেতিৰে স্বাৱলম্বী তিনিচুকীয়াৰ গায়ত্ৰী

মাতৃয়ে দিন হাজিৰা কৰি দুই যুৱতীক উচ্চ শিক্ষা প্ৰদান কৰা গীতাঞ্জলি আৰু শিবানীয়ে এতিয়া নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ সাতগৰাকী যুৱক-যুৱতীক নিজৰ ব্যৱসায়ত কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে । এতিয়া দুই যুৱতীৰ ‘‘চিনাকী প্ৰডাক্ট’’ উজনী অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ লগতে উত্তৰ অসমৰ ধেমাজি, লখিমপুৰকে ধৰি নামনিৰ বৰপেটা আদিতো নিমকিৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ইয়াৰ উপৰিও কৰ্মসূত্ৰে দিল্লী, কলিকতা আৰু বিহাৰত থকা প্ৰায় সংখ্যক প্ৰবাসী অসমীয়াই কুৰিয়াৰ যোগেও তেওঁলোকৰ নিমকি সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, সৰুতে গীতাঞ্জলিৰ মাতৃয়ে আনৰ ঘৰত দৈনিক দিন হাজিৰা কৰি বহু কষ্টৰে পৰিয়ালটো পোহপাল দিছিল ।

আজি দুই কন্যাৰ এই সফলতাৰ বাবে মাতৃৰ চকুত সুখৰ চকুপানী দেখা গৈছে । চৰকাৰী চাকৰিৰ পাচত যি সময়ত আজি যুৱক-যুৱতীসকল হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত গীতাঞ্জলি আৰু শিবানী হৈ পৰিছে বহুতৰ বাবে আদৰ্শ ।

লগতে পঢ়ক : Honey Bee Farming: সৰিয়হ খেতিৰ সমান্তৰালকৈ মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুগৰাকী কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.