ETV Bharat / state

গা লৰিল প্ৰশাসনৰ, বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিলে ডিব্ৰুগড়ৰ উপায়ুক্তই

author img

By

Published : Jun 18, 2022, 8:04 PM IST

moran
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিলে ডিব্ৰুগড়ৰ উপায়ুক্তই

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণৰ পৰা তিলৈ সংযোগী পথৰ বিধ্বস্ত ৰূপে উদ্বিগ্ন কৰি তুলিছে ৰাইজক (Poor condition of NH37 in Moran)। পথটোৰ মেৰামতিৰ দাবী ৰাইজৰ । শনিবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তই পৰিদৰ্শন কৰি পথটো মেৰামতি কৰা হ'ব বুলি আশ্বাস দিয়ে ।

মৰাণ,১৮ জুন : ৰাজ্যত সম্প্ৰতি বানপানী আৰু ভূমিস্খলনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে (Flood and landslide in Assam)। ইয়াৰ মাজতে উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাও দিনক দিনে অতি জৰাজীৰ্ণ হৈ পৰিছে (Poor condition of NH37 in Moran)। বাৰিষাৰ লগে লগে ধাৰাষাৰ বৰষুণৰ ফলত অধিক শোচনীয় ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা (National Highway 37 collapses in Moran)। পথটোৱে এক প্ৰকাৰ জলা-কলা খুৱাইছে ৰাইজক ।

পথটোৰ মেৰামতিৰ বাবে বিভিন্ন সময়ত স্থানীয় লোক আৰু দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়াও হৈছে । কিন্তু কোনো গুৰুত্ব দিয়া নাই চৰকাৰ তথা প্ৰশাসনে । মৰাণৰ পৰা ডিব্ৰুগড়লৈকে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ আজিলৈ মেৰামতি নহ'ল । ৰাইজৰ ক্ষোভ আৰু প্ৰতিবাদৰ পাছত নিদ্ৰাৰ পৰা সাৰ পালে প্ৰশাসন ।

গা লৰিল প্ৰশাসনৰ, বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিলে ডিব্ৰুগড়ৰ উপায়ুক্তই

শনিবাৰে মৰাণত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথটো পৰিদৰ্শন কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্তই । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণৰ পৰা তিলৈ সংযোগী পথৰ বিধ্বস্ত ৰূপ সন্দৰ্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিৱেশনৰ পিছতে গা লৰিল ডিব্ৰুগড় জিলা প্ৰশাসনৰ । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ সৈতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিধ্বস্ত পথচোৱা পৰিদৰ্শন কৰে (Dibrugarh DC visited NH37)। আনহাতে উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিধ্বস্ত পথচোৱা শীঘ্ৰেই মেৰামতি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

মন কৰিবলগীয়া যে মৰাণৰ পৰা তিলৈ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি জৰাজীৰ্ণ হৈ পৰাত অঞ্চলটোত কেইবাটাও পথ দুৰ্ঘটনাও সংঘটিত হৈছে । পথৰ মাজতে সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতবোৰে পথচাৰীক জীয়াতু ভোগাইছে । চাৰিলেনযুক্ত পথত অন্তৰ্ভুক্ত নোহোৱা এই পথচোৱা বহুদিন ধৰি মেৰামতি নকৰাৰ ফলত এফালৰ পৰা জহি-খহি গৈছে । ইফালে জিলা উপায়ুক্তৰ এই ঘোষণাৰ পাছতে স্বস্তিৰ নিশ্বাস পেলাইছে ৰাইজে ।

লগতে পঢ়ক :কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.