ETV Bharat / state

ডিব্ৰুগড়ত অসমৰ প্ৰথমটো গীৰ্জাত বৰদিনৰ প্ৰস্তুতি

author img

By

Published : Dec 23, 2020, 8:57 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো পূৰ্ণ ভাৱে সজাই পৰাই তোলা হৈছে উত্তৰ-পূৰ্বঞ্চলৰ দ্বিতীয় তথা ৰাজ্যৰ প্ৰথমটো গীৰ্জা ঘৰ। চৌপাশে ফুল, ৰঙীন লাইটেৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাটো ৷

As_Moran_dibrugarh-christmas-preparation_img_As10031
ডিব্ৰুগড়ত উত্তৰ পূৱৰ প্ৰথমটো গীৰ্জাত বৰদিনৰ প্ৰস্তুতি

মৰাণ,23 ডিচেম্বৰ: খ্ৰীষ্টান সকলৰ পৱিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ এটা দিন ৷ বৰদিনৰ প্ৰাকক্ষণত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰ সমূহ ৷ বিগত বৰ্ষতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে ৰাজ্যবাসীয়ে উদযাপন কৰা নাছিল বৰদিন ৷ সেয়েহে চলিত বৰ্ষত কৰ’ণা মহামাৰীৰ ভয়াৱহতা কিছু হ্ৰাস পোৱাত বৰদিনৰ বাবে উৎসুকতাৰে বাট চাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো পূৰ্ণভাৱে সজাই পৰাই তোলা হৈছে উত্তৰ পূৰ্বঞ্চলৰ দ্বিতীয় তথা ৰাজ্যৰ প্ৰথমটো গীৰ্জা ঘৰ। চৌপাশে ফুল, ৰঙীন লাইটেৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাটো ৷ কিন্তু এইবেলিও কৰ’ণা মহামাৰীৰ বাবে নীতি-নিয়ম মানি চলিব লাগিব ভক্তসকলে ৷ এই দিশত গীৰ্জা কৰ্তৃপক্ষই বান্ধি দিছে নীতি-নিৰ্দেশনা ৷

লগতে পঢ়ক-'ফ্লিপকাৰ্ট'ত অৰ্ডাৰ দিছিল জোতা; কিন্তু লাভ কৰিলে ছোৱালীৰ জিনচ চাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.