ETV Bharat / state

Tengakhat water supply scheme: বগাহাতীত পৰিণত টেঙাখাতৰ কোটি টকীয়া পানী যোগান আঁচনি

author img

By

Published : Mar 30, 2023, 2:11 PM IST

Irrigation Scheme in Tengakhat
বিকল টেঙাখাতস্থিত কোটি টকীয়া জলসিঞ্চন আঁচনি

বগাহাতীত পৰিণত নাহৰকটীয়া উপ সংমণ্ডলৰ অধীনৰ টেঙাখাতস্থিত বহু কোটি টকীয়া জলসিঞ্চন আঁচনি (Irrigation Scheme in Tengakhat) ৷ এই কোটি টকীয়া আঁচনি কাৰ্যক্ষম কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ ৰাইজে দাবী জনাইছে ।

বিকল টেঙাখাতস্থিত কোটি টকীয়া জলসিঞ্চন আঁচনি

মৰাণ, ৩০ মাৰ্চ:ৰাজ্যৰ জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিসমূহ এতিয়া বগাহাতীত পৰিণত হৈছে (Water supply scheme in Dibrugarh) ৷ বৰষুণলৈ বাট চাই থাকিব লগীয়া হৈছে খেতিয়কে । ৰাজ্য়ৰ আন জিলাৰ লগতে ডিব্ৰুগড়তো বিকল হৈ আছে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি (Failed water supply scheme in Dibrugarh)। ডিব্ৰুগড়ত আঁচনি ৰূপায়ণৰ নামত বিভাগটোৱে কোটি কোটি টকা ধাৰ্য কৰিছে যদিও আঁচনি ৰূপায়ণৰ নামত সিংহ ভাগ ধন বিভাগটোৰ বিষয়া, ঠিকাদাৰে মিলি উদৰস্থ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতেই আৰাম্ভ হোৱা নাহৰকটীয়া উপ-সংমণ্ডলৰ অধীনৰ টেঙাখাতস্থিত বহু কোটি টকীয়া এই জলসিঞ্চন বিভাগৰ আঁচনিৰ নলাসমূহৰ এতিয়া চিন মোকাম‌ নোহোৱাৰ পথত । বুঢ়ীদিহিঙৰ ভেকুলাজান বালিঘাটৰ পৰা সংলগ্ন কৰি টেঙাখাতৰ বিভিন্ন খেতি পথাৰলৈ পানী যোগান ধৰাৰ‌ বাবে যি নলা তৈয়াৰ কৰা হৈছিল ‌এতিয়া এই নলা সমূহ গছ বনেৰে ভৰি পৰিছে । ইয়াৰ পিছতো কাণসাৰ নাই জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ ।

প্ৰত্যেক বছৰে এই নলা সমূহ মেৰামতিৰ নামত লাখ লাখ টকাৰ নিবিদা দিয়া হয় যদিও ৰাইজৰ খেতি পথাৰলৈ পানী নাযায় । ৰাইজে আশা কৰিছিল মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আঁচনিখন সফল ৰূপায়ণ কৰিব । কিন্তু আজিকোপতি এই চৰকাৰখনেও একো‌ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে ক্ষোভ উজাৰিছে । জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে বিভাগটো চোৱাৰ নামত কেৱল মাত্ৰ ডিব্ৰুগড়ৰ জলসিঞ্চন বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ত বহি বুজ লৈ উভতি যোৱাৰ বাদে কোনো দিনেই আঁচনিখন সফল ৰূপায়ণৰ বাবে তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দেখা নগ'ল‌ । অথচ হাজাৰ হাজাৰ কৰ্মচাৰীৰ বেতনৰ নামত কোটি কোটি টকা খৰচ কৰি আছে ।

কেৱল টেঙাখাতেই নহয়, ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এই আঁচনিখন কেৱল মাত্ৰ কাগজ পত্ৰতহে আছে, কামত কিন্তু একো নাই । মুঠৰ ওপৰত বগা হাতীত পৰিণত টেঙাখাতৰ বহু কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি । এইসমূহ কোটি টকীয়া আঁচনি কাৰ্যক্ষম কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ তথা জলসিঞ্চন বিভাগে কেতিয়া গুৰুত্ব দিব সেইয়াহে লক্ষ্যণীয় হ'ব ।

আনহাতে, বিগত সময়ছোৱাত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে যদিও আজিকোপতি সাৰ পোৱা নাই বিভাগটোৱে ৷ এইক্ষেত্ৰত স্থানীয় বিধায়কৰো নাই গুৰুত্ব ৷ ফলত পানীৰ পৰা বঞ্চিত হৈ আহিছে স্থানীয় কৃষক ৷ এই আঁচনিখন কাৰ্যকৰী কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে । যদিহে চৰকাৰে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত শীঘ্ৰে ব্য়ৱস্থা গ্ৰহণ নকৰে তেতিয়া হ'লে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সঁকীয়াই দিয়ে ।

লগতে পঢ়ক:Nimati Afolamukh ferry service: বন্ধ হ’ল নিমাতি অফলামুখ ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.