ETV Bharat / state

Natural beauty of Dehing Patkai : দিহিং পাটকাইৰ জলপ্ৰপাতসমূহে হাত বাউল দি মাতিছে পৰ্যটকক

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:03 PM IST

Updated : Aug 27, 2023, 2:38 PM IST

হাত বাউল দি মাতিছে জলপ্ৰপাতে ৷ হিম চেঁচা পানী, কুলু কুলু ধ্বনি - এই মনোৰম পৰিৱেশৰ আমেজ বিচাৰি শ্বিলং-চেৰাপুঞ্জীলৈ নগ’লেও হ’ব ৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতে আছে সুখৰ নিজৰা ৷

Natural beauty of Dehing Patkai
উজনি অসমৰ পৰ্যটকসকলৰ বাবে এক ইতিবাচক বতৰা

দিহিং পাটকাইৰ জলপ্ৰপাতসমূহে হাত বাউল দি মাতিছে পৰ্যটকক

ডিব্ৰুগড়, 25 আগষ্ট : অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ ভিতৰত এখন অন্যতম ৰাষ্ট্ৰীয় উদ্যান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন সময়ত চলি থকা বন ধ্বংসযজ্ঞৰ মাজতে উজনি অসমৰ পৰ্যটকসকলৰ বাবে এক ইতিবাচক বতৰা । এই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা সৰু বৰ জলপ্ৰপাতসমূহে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

উজনি অসম বা উত্তৰ অসমৰ লোকসকলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ শ্বিলং অথবা চেৰাপুঞ্জীলৈ যাম বুলি ভৱাসকলে কম খৰচতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ শুকানজুৰি এলেকাত থকা হাৱাডুবি জলপ্ৰপাতেই উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য ৷ পাহাৰৰ ফিৰফিৰীয়া বতাহ জাকে পলকতে শীতল কৰিব আপোনাৰ দেহ মন ।

ইফালে এই সু-উচ্চ পাহাৰটোৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ অসংখ্য পৰ্যটকে ৷ আনকি প্ৰকৃতিৰ মনোমোহা এই দৃশ্যৰাজীয়ে পুলকিত কৰি তুলিছে পৰ্যটকৰ মন । প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ মাজতে আকৌ দেখিবলৈ পোৱা যায় বহু বন্য স্তন্যপায়ী জীৱজন্ত ৷

একেই দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ নিমখপুং অঞ্চলৰ পৰা কিছু দূৰত থকা এইটো কাছডুবি জলপ্ৰপাত । এই জলপ্ৰপাতটোত এতিয়া গা ধুবলৈ সঘনাই ভিৰ কৰিছেহি উজনি অসমৰ বহু পৰ্যটকে । ইয়াৰ উপৰিও উদ্যানখনৰ ভিতৰ চ’ৰাত সিচঁৰিত হৈ থকা মন্দিৰ ডুবি, চেপাটা শিল, টকৌ ডুবি, শিল ভেটা আৰু আকাশীগংগা নামৰ জলপ্ৰপাতে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।

এইসমূহ জলপ্ৰপাতলৈ যাবলৈ প্ৰথমে জয়পুৰ আঞ্চলিক বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত নগাঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা পা-পত্ৰসমূহ প্ৰস্তুত কৰা পিচত বন বিভাগৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত গাইডৰ সহযোগত এই জলপ্ৰপাতসমূহৰ নান্দনিক দৃশ্য আপুনি উপভোগ কৰিব পাৰিব ।

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য এইসমূহ জলপ্ৰপাতলৈ পৰ্যটকসকল আহিবলৈ যদিহে অসমৰ পৰ্যটন বিভাগ বা বন বিভাগে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে অসম চৰকাৰে এই জলপ্ৰপাতসমূহৰ পৰাই এক বৃহৎ ধন উপাৰ্জন কৰি ৰাজকোষৰ ধন টনকিয়াল কৰিব পাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত ৷

লগতে পঢ়ক : Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক

Last Updated : Aug 27, 2023, 2:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.