ETV Bharat / state

মৰাণৰ তিলৈ নদীৰ দলঙৰ তলত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 26, 2021, 7:39 PM IST

মৰণাত উদ্ধাৰ হৈছে এজন অচিনাক্ত লোকৰ মৃতদেহ ৷ তিলৈ নদীৰ দলঙৰ তলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

deadbody-recovered-at-moran
মৰাণৰ তিলৈ নদীৰ দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মৰাণ, 26 জানুৱাৰী : গণৰাজ্য দিৱসৰ দিনাই মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈ নদীৰ দলঙৰ তলত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ । স্থানীয় লোকে তিলৈ নদীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ পৰৱৰ্তী সময়ত ৰাইজে মৰাণ আৰক্ষী থানাত খবৰ দিয়াত মৰাণ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

deadbody-recovered-at-moran
মৰাণৰ তিলৈ নদীৰ দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ক'লা জেকেট আৰু হাৱাই চেণ্ডেল পৰিহিত মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া বয়সৰ কোনো লোকৰ বুলি অনুমান কৰা হৈছে । বাতৰি যুগুত কৰাৰ সময়লৈকে মৃতদেহটো চিনাক্ত হোৱা নাই । ইফালে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: গোলাঘাটত উৰিল আলফাৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.