ETV Bharat / state

ডিব্ৰুগড়ত ভোট গণনাৰে জড়িত লোকৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক

author img

By

Published : May 1, 2021, 2:06 PM IST

ডিব্ৰুগড়ত শুকুবাৰে চহৰখনৰ চৌকিডিঙি খেলপথাৰত ভোটগণনাৰ সময়ত জড়িত হৈ থাকিবলগীয়া লোকসকলক ক'ভিড পৰীক্ষা কৰোৱা হয় । এই ক’ভিড পৰীক্ষাত দুগৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ।

covid-test-for-polling-officials-media-candidate-and-others-in-dibrugarh
ডিব্ৰুগড়ত ভোট গণনাৰে জড়িত লোকৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক

মৰাণ, 1 মে’ : ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ২ মে'ত ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল । ক'ভিড প্ৰট'কল মানি হ'বলগীয়া ভোটগণনাৰ পূৰ্বে এতিয়া ভোটগণনাৰ সময়ত জড়িত হৈ থাকিবলগীয়া বিষয়া-কৰ্মচাৰী, সংবাদ মাধ্যমৰ লোক, প্ৰাৰ্থী তথা প্ৰাৰ্থীৰ এজেন্টৰ ক'ভিড পৰীক্ষা কৰিব লগা হৈছে ।

ডিব্ৰুগড়ত ভোট গণনাৰে জড়িত লোকৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক

ডিব্ৰুগড় চহৰৰ চৰকাৰী ল'ৰা উচ্চ মাধ্যমিক বিদ্যালয়ত হ'বলগীয়া ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলগীয়া অনুমোদিত সকলো লোকৰ বাবে কৰ’ণা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । যাৰ ফলত শুকুবাৰে চহৰখনৰ চৌকিডিঙি খেলপথাৰত ভোটগণনাৰ সময়ত জড়িত হৈ থাকিবলগীয়া লোকসকলক ক'ভিড পৰীক্ষা কৰোৱা হয় ।

উল্লেখ্য যে, এই ক’ভিড পৰীক্ষাত দুগৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি । মুঠৰ ওপৰত ক'ভিডৰ সকলো নীতি নিয়ম মানি ভোট গণনাৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন ।

লগতে পঢ়ক: দিল্লীত জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.