ETV Bharat / state

বগা বাবাৰ মাঝাৰত আশীষ গ্ৰহণ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 27, 2021, 1:05 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে ডিব্ৰুগড়ৰৰ উত্তৰ আমোলাপট্টিস্থিত ঐতিহাসিক বগা বাবা মাঝাৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে ৷ বগা বাবাৰ মাঝাৰত মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক প্ৰশান্ত ফুকনেও সেৱা গ্ৰহণ কৰে ৷ নিৰ্বাচনী প্ৰাৰ্থী দুগৰাকীৰ সৈতে উপস্থিত থাকে অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত ৷

ভোটদানৰ পূৰ্বে বগা বাবাৰ মাঝাৰত আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে
ভোটদানৰ পূৰ্বে বগা বাবাৰ মাঝাৰত আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

ডিব্ৰুগড়,27 মাৰ্চ: শনিবাৰে ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া ৷ ৰাজ্যৰ 47 টা সমষ্টিত আৰম্ভ হৈছে এই ভোটদান ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে ডিব্ৰুগড়ৰৰ উত্তৰ আমোলাপট্টিস্থিত ঐতিহাসিক বগা বাবা মাঝাৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বগা বাবাৰ সমাধিত এখন চাদৰ অৰ্পণ কৰে ৷ লগতে সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ভোটদানৰ পূৰ্বে বগা বাবাৰ মাঝাৰত আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

বগা বাবাৰ মাঝাৰত মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক প্ৰশান্ত ফুকনেও সেৱা গ্ৰহণ কৰে ৷ নিৰ্বাচনী প্ৰাৰ্থী দুগৰাকীৰ সৈতে উপস্থিত থাকে অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত ৷ ইয়াৰ পাছতেই ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনৰ ১৬১ নং আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে মুখ্যমন্ত্ৰীসহ বিধায়ক প্ৰশান্ত ফুকনে । উল্লেখ্য যে, এই কেন্দ্ৰটো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ।

লগতে পঢ়ক: ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.