ETV Bharat / state

ডেৰ বছৰীয়া নাতিনীয়েকক হত্যা কৰি কুঁৱাত পেলাই দিলে আইতাকে

author img

By

Published : May 7, 2020, 7:40 PM IST

স্বামী নয়ণ কুমাৰ শইকীয়া দোকানত ব্যস্ত থকাৰ বিপৰীতে একমাত্ৰ পুত্ৰ হিৰণ কুমাৰ শইকীয়া চুলি কটাবলৈ ওলাই গৈছিল ৷ আনহাতে বোৱাৰী অঞ্জুমণি শইকীয়া গা ধুই থকাৰ সুযোগ গ্ৰহণ কৰি আইতাকে হত্যা কৰে শিশুটিক ৷ জঘণ্য ঘটনাটো সংঘটিত কৰি বুলু শইকীয়াই নাহৰকটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মেৰবিল আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

ডিব্ৰুগড় জিলা
ডিব্ৰুগড় জিলা

ডিব্ৰুগড়, 7 মেঃ লক্​ ডাউনৰ মাজতে নাহৰকটীয়াৰ চাচনীত সংঘটিত হ'ল এক অবিশ্বাস্য, অমানৱীয় ঘটনা ৷ নিজ আইতাকে হত্যা কৰি কুঁৱাত পেলাই দিলে নাতিনীয়েকক ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা নাহৰকটীয়াৰ চাচনীৰ খাটপথাৰ গাঁৱৰ 50 বছৰীয়া বুলু শইকীয়া নামৰ মহিলাগৰাকীয়ে নিজৰ ডেৰ বছৰীয়া নাতিনীয়েকক হত্যা কৰি কুঁৱাত পেলাই দিয়ে ৷

সেই সময়ত স্বামী নয়ণ কুমাৰ শইকীয়া দোকানত ব্যস্ত থকাৰ বিপৰীতে একমাত্ৰ পুত্ৰ হিৰণ কুমাৰ শইকীয়া চুলি কটাবলৈ ওলাই গৈছিল ৷ আনহাতে বোৱাৰী অঞ্জুমণি শইকীয়া গা ধুই থকাৰ সুযোগ গ্ৰহণ কৰি আইতাকে হত্যা কৰে শিশুটিক ৷ জঘণ্য ঘটনাটো সংঘটিত কৰি বুলু শইকীয়াই নাহৰকটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মেৰবিল আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

ডিব্ৰুগড় জিলা

এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী নয়ণ কুমাৰ শইকীয়াই নাহৰকটীয়াত থানাত এক গোচৰ ৰুজু কৰে ৷ ফলস্বৰূপে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত আৰু ৯০/২০২০ নম্বৰৰ গোচৰত হত্যাকাৰী বুলু শইকীয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

ডিব্ৰুগড় জিলা
উল্লেখ্য যে, অঞ্জুমণি শইকীয়াৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.